নিউজ ডেস্ক, ১৭ এপ্ৰিলঃডিজিটেল ইণ্ডিয়া প্ৰ'গেমৰ অধীনত ইলেক্ট্ৰনিক আৰু তথ্য প্ৰযুক্তি মন্ত্ৰণালয়ে ঘোষণা কৰিছে এক উদ্ভাৱনী চেলেঞ্জৰ । যাৰ নাম দিয়া হৈছে ভিডিঅ' কনফাৰেঞ্চিং সমাধানৰ বিকাশ উদ্ভাৱন চেলেঞ্জ (Innovation Challenge for Development of a Video Conferencing Solution)।
ভাৰতত প্ৰায় ৫০ কোটি লোক ইন্টাৰনেট সেৱাৰ সৈতে ওতঃপ্ৰোত ভাৱে জড়িত । কিন্তু হঠাৎ COVID-১৯ ৰ মহামাৰী ফলত ইণ্টাৰনেটৰ নিৰ্ভৰশীলতা অধিক বৃদ্ধি পাবলৈ ধৰিছে । বহুটো কোম্পানীয়ে আৰম্ভ কৰিছে Work From Home (WFH) ব্যৱস্থা । বৰ্তমান ভিডিঅ' কনফাৰেঞ্চিং,ৱৰ্ক ফৰ্ম হ'ম সকলো কোম্পানীৰ দৈনিক জীৱন প্ৰণালী হৈ পৰিছে ।
ফলত দক্ষতাপূৰ্ণ বজাৰত বৰ্তি থকাকৈ,ঘৰুৱা মূল্য সংযোজনৰ ক্ষেত্ৰত সক্ষমতা দেখুৱাব পৰাকৈ ভিডিঅ' কনফাৰেঞ্চিং সমাধান কৰোটা হৈ পৰিছে এক প্ৰত্যাহ্বান। যাৰ বাবে এইটো চেলেঞ্জ ঘোষণা কৰা হৈছে ।
এই প্ৰত্যাহ্বানক তিনিটা পৰ্যায়ত বিভক্ত কৰা হৈছে । প্ৰথম পৰ্যায়ত দল সমূহক সমস্যাটো সমাধানৰ ক্ষেত্ৰত নিজৰ উদ্ভাৱনী চিন্তা সমূহ ব্যক্ত কৰিব লাগিব । ১০ টা দল নিৰ্বাচন কৰা হ'ব । প্ৰত্যকটো দলক ৫ লাখ টকাকৈ প্ৰদান কৰা হ'ব প্ৰটোটাইপ নিৰ্মাণ কৰিবলৈ ।