অসম

assam

ETV Bharat / bharat

বিটিচিত আগন্তুক নিৰ্বাচনৰ কুচ-কাৱাজ - বি পি এফ আৰু বি জে পি

নিৰ্বাচনী বতাহ তীব্ৰতৰ হৈ পৰিছে বড়োলেণ্ডত। ক'ভিড-১৯ৰ ভয়াৱহ পৰিস্থিতিৰ বাবে উচ্চ ন্যায়ালয়ে নিৰ্বাচন অনুষ্ঠিত কৰাৰ অনুমতি দিয়া নাই যদিও থমকি ৰোৱা নাই ৰাজনৈতিক দলসমূহ। শাসনৰ গাদীত উপৱিষ্ট হ'বলৈ প্ৰচাৰ অভিযান চলাইছে ৰাজনৈতিক নেতা-পালিনেতাই। বৰ্তমানেও নিৰ্বাচনী আয়োগে নিৰ্বাচনৰ দিন ঘোষণা কৰা নাই।

বিটিচিত আগন্তুক নিৰ্বাচনৰ কুচ-কাৱাজ
বিটিচিত আগন্তুক নিৰ্বাচনৰ কুচ-কাৱাজ

By

Published : Aug 26, 2020, 5:31 PM IST

গুৱাহাটী,২৬আগষ্টঃ আগন্তুক নিৰ্বাচনত বাক্সা জিলাৰ গোৰেশ্বৰ পৰিষদীয় সমষ্টিত মূল যুঁজখন বি পি এফ আৰু বি জে পিৰ মাজত হোৱাৰ সম্ভাৱনা প্ৰবল হৈ উঠিছে । সমষ্টিটোৰ পৰা দুবাৰকৈ জয়ী হোৱা বি পি এফৰ প্ৰাৰ্থী মহেশ্বৰ বসুমতাৰীয়ে এইবাৰো পূৰ্ণগতিত প্ৰচাৰ চলাইছে । বসুমতাৰীয়ে গোৰেশ্বৰ সমষ্টিত উন্নয়ণমূলক কাম কৰি ৰাইজৰ মন জয় কৰিছে । একাংশ পালিনেতাই দুৰ্নীতিত লিপ্ত হোৱাত কামত বিসংগতিও দেখা দিছে । ফলত বসুমতাৰীৰ ভোটৰ অংকত কিছু প্ৰভাৱ পৰাৰ আশংকা আহি পৰিছে ।

বিটিচিত আগন্তুক নিৰ্বাচনৰ কুচ-কাৱাজ

আনহাতে বিভিন্ন কৌশল অৱলম্বন কৰি সমষ্টিটো দখল কৰিবলৈ উঠিপৰি লাগিছে বি জে পিয়ে। দলটোৱে গাঁও অঞ্চলত ৰাইজৰ মাজত প্ৰচাৰ অভিযান চলাইছে । গোৰেশ্বৰ পৰিষদীয় সমষ্টিটো ৰঙিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত হোৱাৰ বাবে সমষ্টিটোৰ বিধায়ক তথা মন্ত্ৰী ভৱেশ কলিতাই বিজেপি প্ৰাৰ্থী গজেন বড়োৰ বিজয় নিশ্চিত কৰাত চেষ্টা অব্যাহত ৰাখিছে । সততে ৰাইজৰ মাজত চৰ্চিত হৈ আছে যে, গোৰেশ্বৰ পৰিষদীয় সমষ্টিটোৰ ফলাফলে ভৱিষ্যতে ৰঙিয়া বিধানসভা সমষ্টিৰ লগতে মন্ত্ৰী ভৱেশ কলিতাৰ ৰঙিয়া দখল কৰাৰ স্বপ্ন নিৰ্ধাৰণ কৰিব।

বিটিচিত আগন্তুক নিৰ্বাচনৰ কুচ-কাৱাজ

গোৰেশ্বৰ পৰিষদীয় সমষ্টিৰ পৰা ইউ পি পি এলৰ প্ৰাৰ্থী পবিত্ৰ কুমাৰ বড়োৱে প্ৰতিদন্দিতা কৰিব । পূৰ্বতে এবাৰ সমষ্টিটোৰ পৰা পবিত্ৰ কুমাৰ বড়ো জয়ী হৈছিল যদিও ৰাইজৰ হকে উন্নয়ণমূলক কাম নকৰাৰ অভিযোগ এতিয়াও ৰাইজৰ মাজত বিদ্যামান । তেওঁ এবছুৰ জনপ্ৰিয়তাৰ যোগেদি নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ পৰিকল্পনা কৰিছে । সমষ্টিটোৰ পৰা অবড়োকে ধৰি আৰু ৫ গৰাকী প্ৰৰ্থী আছে যদিও বি পি এফ আৰু বি জে পিৰ মাজতে মূল যুঁজখন হোৱাৰ সম্ভৱনা অধিক।

ABOUT THE AUTHOR

...view details