অসম

assam

গুগলৰ CEO সুন্দৰ পিচাইৰ ৫ কোটি টকাৰ আৰ্থিক সাহাৰ্য

By

Published : Apr 13, 2020, 3:21 PM IST

গিভ ইণ্ডিয়ালৈ আৰ্থিক সাহাৰ্য । গুগলৰ পেৰেণ্ট কোম্পানী Alphabet আৰু গুগলৰ চিইঅ'ৰ গিভ ইণ্ডিয়া সংস্থালৈ এই আৰ্থিক সাহাৰ্য ।

Google CEO Sundar Pichai donates Rs 5 crore to GiveIndia
Google CEO Sundar Pichai donates Rs 5 crore to GiveIndia

নিউজ ডেস্ক, ১৩ এপ্ৰিলঃবিশ্বজুৰি খ্যাত চাৰ্ছ ইঞ্জিন গুগল আৰু গুগলৰ পেৰেণ্ট কোম্পানী Alphabet ৰ ভাৰতীয় মূলৰ চিইঅ’ সুন্দৰ পিচাইৰ আৰ্থিক সাহাৰ্য প্ৰদান । গুগলৰ চিইঅ'গৰাকীয়ে স্বেচ্ছাসেৱী সংস্থা গিভ ইণ্ডিয়ালৈ প্ৰদান কৰিছে ৫ কোটি টকাৰ আৰ্থিক সাহাৰ্য । ইয়াৰ পূৰ্বে গুগলে অনলাইন যোগে ৫ কোটি টকাৰ আৰ্থিক সাহাৰ্য প্ৰদান কৰিছিল ।

গিভ ইণ্ডিয়াই ইয়াৰ পাচতেই টুইটাৰত গুগল আৰু প্ৰতিষ্ঠানটোৰ চিইঅ'গৰাকীক ধন্যবাদ জ্ঞাপন কৰে । দৈনিক দিন হাজিৰা কৰা শ্ৰমিকৰ বাবে এয়া প্ৰয়োজনীয় আছিল বুলি উল্লেখ কৰে সংস্থাটোৱে ।

গিভ ইণ্ডিয়াই দেশৰ বিভিন্ন প্ৰান্তৰ দুৰ্বল শ্ৰেণীৰ পৰিয়ালৰ সহায়ৰ বাবে প্ৰায় ১২ কোটি টকা আৰ্থিক সাহাৰ্য সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে ।

সুন্দৰ পিচাই বিগত মাহত উল্লেখ কৰিছিল যে, কোম্পানীটোৱে ৮০০ মিলিয়ন টকা সৰু আৰু মধ্যম ব্যৱসায়ী স্বাস্থ্য় সংস্থা আৰু COVID-19 ৰ বিৰুদ্ধে সন্মুখৰ পৰা যুঁজ দিয়া চৰকাৰী আৰু স্বাস্থ্য কৰ্মী সকলৰ বাবে খৰচ কৰিব । ইয়াৰ লগতে ২৫০ মিলিয়ন বিশ্ব স্বাস্থ্য সংস্থা আৰু ১০০ টা চৰকাৰী সংস্থাক বিজ্ঞাপনৰ অনুদান হিচাপে প্ৰদান কৰিব ।

গুগলে বেচৰকাৰী সংস্থা আৰু বিত্তীয় প্ৰতিষ্ঠান সমূহক সৰু ব্যৱসায়ী প্ৰতিষ্ঠানৰ সহায়ৰ বাবে ২০০ মিলিয়ন বিনিয়োগ কৰাৰো পৰিকল্পনা লৈছে ।

লগতে চাওক- ৮ ঘণ্টা অস্ত্ৰোপ্ৰচাৰৰ অন্তত সফলতা ! জোৰা দিয়া হৈছে আৰক্ষী উপ-পৰিদৰ্শকৰ কাটি দিয়া হাত

ABOUT THE AUTHOR

...view details