অসম

assam

By

Published : May 15, 2020, 7:27 PM IST

ETV Bharat / bharat

চি বি এচ চি পাঠ্যক্ৰমৰ নৱম আৰু একাদশ শ্ৰেণীৰ শিক্ষাৰ্থীৰ বাবে সুখবৰ

কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদ চমুকৈ চি বি এচ চিৰ তৰফৰ পৰা জাৰি কৰা হৈছে এক জাননী ৷ চি বি এচ চিৰ শে্হতীয়া জাননী মতে নৱম আৰু দশম শ্ৰেণীত অনুতীৰ্ণ হোৱা শিক্ষাৰ্থী সকলক তেওঁলোকৰ বিদ্যালয় সমূহে পুনৰ এবাৰ পৰীক্ষা লব পাৰে ৷

good-news-for-cbse-9th-and-11th-failed-students
চি বি এচ চি পাঠ্যক্ৰমৰ নৱম আৰু একাদশ শ্ৰেণীৰ শিক্ষাৰ্থীৰ বাবে সুখবৰ

নিউজ ডেস্ক, 15 মে' : কৰ‘ণা ভাইৰাছৰ ফলত সৃষ্টি হোৱা প্ৰত্যাহ্বানমূলক পৰিস্থিতিৰ মাজতে কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদ চমুকৈ চি বি এচ চিয়ে নৱম আৰু একাদশ শ্ৰেণীৰ শিক্ষাৰ্থীৰ বাবে প্ৰদান কৰিছে এক বিশেষ সুযোগ ৷ নৱম আৰু দশম শ্ৰেণীত অনুতীৰ্ণ শিক্ষাৰ্থীয়ে পুনৰ লাভ কৰিব পৰীক্ষা দি উত্তীৰ্ণ হোৱাৰ সুযোগ ৷ এই সন্দৰ্ভত চি বি এচ চিৰ তৰফৰ পৰা জাৰি কৰা হৈছে এক জাননী ৷ চি বি এচ চিৰ শে্হতীয়া জাননী মতে নৱম আৰু দশম শ্ৰেণীত অনুতীৰ্ণ হোৱা শিক্ষাৰ্থী সকলক তেওঁলোকৰ বিদ্যালয় সমূহে পুনৰ এবাৰ পৰীক্ষা লব পাৰে ৷ এই পৰীক্ষা শিক্ষাৰ্থীৰ সুবিধাৰ্থে অনলাইন আৰু অফলাইন দুয়ো পদ্ধতিৰে লোৱা হব ৷ যিটো বিষয়ত শিক্ষাৰ্থী গৰাকী অনুতীৰ্ণ হ‘ব সেই বিষয়ত পু্নৰ প্ৰস্তুত হবলৈ পৰ্যাপ্ত সময় দিয়া হব ৷

তদুপৰি কেৱল চলিত বৰ্ষৰ বাবেহে পৰীক্ষা উত্তীৰ্ণ হোৱাৰ বাবে এই সুযোগ প্ৰদান কৰা হব ৷ এই সুবিধা মাত্ৰ এবাৰৰ বাবেহে প্ৰযোজ্য হব বুলিও জাননীত উল্লেখ কৰে কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদ কতৃপক্ষই ৷

লগতে পঢ়ক : জিএমছিএইচ পৰিদৰ্শন স্বাস্থ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ

ABOUT THE AUTHOR

...view details