অসম

assam

By

Published : May 27, 2020, 2:35 PM IST

ETV Bharat / bharat

এয়াৰ ইণ্ডিয়াৰ যাত্ৰী সকলৰ বাবে সুখবৰ !

২৩ মাৰ্চৰ পৰা ৩১ মাৰ্চৰ ভিতৰত ৰাষ্ট্ৰীয় বিমান যাত্ৰাৰ বাবে যিসকল লোকৰ নিশ্চিত হোৱা টিকটসমূহৰ ফ্লাইট বাতিল কৰা হৈছিল, তেওঁলোকে ২৫ মে'ৰ পৰা ২৪ আগষ্ট পৰ্যন্ত কোনো অতিৰিক্ত কৰ নোহোৱাকৈয়ে টিকট বুকিং কৰিব পাৰিব । এই বিষয়ে অৱগত কৰে এয়াৰ ইণ্ডিয়া কৰ্তৃপক্ষই ।

Good news for Air India travellers if their confirmed tickets during March 23-May 31 got cancelled
Good news for Air India travellers if their confirmed tickets during March 23-May 31 got cancelled

নেশ্যনেল ডেস্ক, 27মে': মঙলবাৰে এয়াৰ ইণ্ডিয়া কৰ্তৃপক্ষই জানিবলৈ দিয়া অনুসৰি, ২৩ মাৰ্চৰ পৰা ৩১ মাৰ্চৰ ভিতৰত ৰাষ্ট্ৰীয় বিমান যাত্ৰাৰ বাবে যিসকল লোকৰ নিশ্চিত হোৱা টিকটসমূহৰ ফ্লাইট বাতিল কৰা হৈছিল, তেওঁলোকৰ বাবে এক পদক্ষেপ গ্ৰহণ কৰা হৈছে । সেই সিদ্ধান্ত অনুসৰি, টিকট বাতিল হোৱা লোকসকলে ২৫ মে'ৰ পৰা ২৪ আগষ্ট পৰ্যন্ত কোনো অতিৰিক্ত কৰ নোহোৱাকৈয়ে টিকট বুকিং কৰিব পাৰিব ।

কিন্তু কোনো লোকে যদি গন্তব্যস্থল সলনি কৰে তেন্তে সেই যাত্ৰাৰ নিৰ্ধাৰিত পৰিমাণৰ ওপৰত ভিত্তি কৰি ৰেহাই বা কিছু পৰিমাণ ভাৰা ধাৰ্য কৰা হ'ব পাৰে ।

এনে পৰিৱৰ্তন সমূহ এয়াৰ ইণ্ডিয়া কল চেন্টাৰ, এয়াৰ ইণ্ডিয়াৰ বুকিং কাৰ্যালয় আৰু এয়াৰ ইণ্ডিয়াৰ অনুমোদিত ট্ৰেভেল এজেণ্টৰ মাধ্যমেৰে কৰা সম্পাদিত হ'ব ।

কৰ'ণা ভাইৰাছৰ বাবে জাৰি কৰা লক ডাউনৰ বাবে হোৱা নিলম্বনৰ দুমাহৰ অন্তত ২৫ মে'ৰ পৰা পুনৰ দেশৰ ভিতৰতে বিমান সেৱা সমূহ আৰম্ভ কৰা হৈছে ।

ABOUT THE AUTHOR

...view details