নিউজ ডেস্ক, ১৯ জুলাইঃ ১৯ জুলাই অৰ্থাৎ দেওবাৰে সূৰ্যোদৰ পূৰ্বে আকাশত প্ৰত্যক্ষ কৰিব এটি অন্যন্য দৃশ্য । সকলোৱে খালী চকুৰে আকাশত প্ৰত্যক্ষ কৰিব পাৰিব পাঁচটাকৈ গ্ৰহ সহ অৰ্ধচন্দ্ৰ ।
আকাশত খালী চকুৰে প্ৰত্য়ক্ষ অৰ্ধচন্দ্ৰ সহ পাঁচটাকৈ গ্ৰহ - আকাশত খালী চকুৰে প্ৰত্য়ক্ষ অৰ্ধচন্দ্ৰ সহ পাঁচটাকৈ গ্ৰহ
দেওবাৰে সূৰ্যোদৰ প্ৰায় ৩০ মিনিট পূৰ্বে আকাশত পাঁচটা গ্ৰহ সহ অৰ্ধচন্দ্ৰ পৰিলক্ষিত হ'ব বুলি সদৰি কৰে জ্যোতিৰ্বিদ আৰ চি কাপুৰে । কোনো দূৰবীক্ষণ যন্ত্ৰৰ প্ৰয়োজন নহোৱাকৈ খালী চকুৰে এই পাঁচটা গ্ৰহ প্ৰত্যক্ষ কৰিব বুলি জানিবলৈ দিয়ে জ্যোতিৰ্বিদ গৰাকীয়ে ।
![আকাশত খালী চকুৰে প্ৰত্য়ক্ষ অৰ্ধচন্দ্ৰ সহ পাঁচটাকৈ গ্ৰহ অৰ্ধচন্দ্ৰ সহ পাঁচটাকৈ গ্ৰহ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-03:03:04:1595151184-8082446-572-8082446-1595112783057.jpg)
সূৰ্যোদয়ৰ প্ৰায় আধা ঘণ্টা আগত আকাশত প্ৰত্যক্ষ কৰা উজ্জ্বল গ্ৰহটোৱে হ'ব শুক্ৰ গ্ৰ'হ । তাৰোপৰি আকাশত অৰ্ধচন্দ্ৰৰ নিচেই ওচৰত বুধ গ্ৰহ প্ৰক্যক্ষ কৰিব । সাধৰণতে বুধ গ্ৰহ খালী চকুৰে প্ৰত্য়ক্ষ কৰিব নোৱাৰি যদিও আকাশখন ফৰকাল হৈ থকাৰ ফলতে দেওবাৰে পুৱা প্ৰত্যক্ষ কৰিব বুলি সদৰি কৰে জ্যোতিৰ্বিদ আৰ চি কাপুৰে । তাৰোপৰি মংগল গ্ৰহ আকাশৰ মাজভাগত প্ৰত্যক্ষ কৰাৰ উপৰিও বৃহস্পতি, শনি গ্ৰহক পশ্চিম দিশত প্ৰত্যক্ষ কৰিবলৈ পোৱা যাব । কোনো দূৰবীক্ষণ যন্ত্ৰৰ প্ৰয়োজন নহোৱাকৈ খালী চকুৰে এই পাঁচটা গ্ৰহ প্ৰত্যক্ষ কৰিব বুলি জানিবলৈ দিয়ে আৰ চি কাপুৰে ।
আনহাতে, পশ্চিম দিশত তথা শনি গ্ৰহৰ নিকটৱৰ্তীত থকা আটাইতকৈ উজ্জ্বল গ্ৰহটোৱে বৃহস্পতি হ'ব বুলিও সদৰি কৰে ।