নেশ্যনেল ডেস্ক, 31 জুলাই :দেশৰ ৰাজধানী দিল্লীত প্ৰতি 10 গ্ৰাম সোণৰ মূল্য 687 টকা বৃদ্ধি পাই 54,538 টকা হ'লগৈ ৷ আন্তৰাষ্ট্ৰীয় বজাৰত ইয়াৰ মূল্য বৃদ্ধিৰ ফলত ভাৰতীয় বজাৰতো বৃদ্ধি পোৱা বুলি প্ৰকাশ কৰিছে HDFC Securities য়ে ৷ পূৰ্বে প্ৰতি 10 গ্ৰাম সোণৰ মূল্য আছিল 53,851 টকা ৷
আনহাতে, ৰূপৰ মূল্যও বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে ৷ 2,854 টকাকৈ বৃদ্ধি পাই প্ৰতি কিল'গ্ৰামত 65,910 টকা হ'লগৈ ৰূপৰ মূল্য ৷ বৃহস্পতিবাৰে প্ৰতি কিল'গ্ৰাম ৰূপৰ মূল্য আছিল 63,056 টকা ৷