নিউজ ডেস্ক,২২ জুলাইঃ বুধবাৰে দেশৰ ৰাজধানী দিল্লীত পুনৰ বৃদ্ধি পালে সোণৰ মূল্য় । বুধবাৰে দিল্লীত এক নতুন অভিলেখৰ সৃষ্টি কৰি উচ্চস্তৰত বৃদ্ধি পালে ৪৩০ টকা । যাৰ পৰিপ্ৰেক্ষিতত দিল্লীত প্ৰতি ১০ গ্ৰাম সোণৰ মূল্য ৫০,৯২০ টকা হয় বুলি জানিবলৈ দিয়ে এইছডিএফচি চিকিউৰিটিয়ে ।
দিল্লীত ৫০,৯২০ টকালৈ বৃদ্ধি পালে ১০ গ্ৰাম সোণৰ মূল্য - দিল্লী
ৰাজধানী দিল্লীত বুধবাৰে বৃদ্ধি পালে সোণৰ মূল্য । প্ৰতি ১০ গ্ৰাম সোণৰ মূল্যত ৪৩০ টকা বৃদ্ধি পোৱা বুলি সদৰি কৰে এইছডিএফচি চিকিউৰিটিয়ে । যাৰ পৰিপ্ৰেক্ষিতত বুধবাৰে দিল্লীত ১০ গ্ৰাম সোণৰ মূল্য় ৫০,৯২০ টকালৈ বৃদ্ধি হয় ।
![দিল্লীত ৫০,৯২০ টকালৈ বৃদ্ধি পালে ১০ গ্ৰাম সোণৰ মূল্য সোণৰ মূল্য](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-03:56:05:1595413565-97ce30a8e57b2749fe7928dc184b470f-2207newsroom-1595400275-4.jpg)
সোণৰ মূল্য
তাৰ সমান্তৰালকৈ বৃদ্ধি পাইছে ৰূপৰ মূল্য । মঙলবাৰে ৰাজধানী দিল্লীত প্ৰতি কিলোগ্ৰাম ৰূপত ২,৫৫০ টকাকৈ বৃদ্ধি পাই । যাৰ পৰিপ্ৰেক্ষিতত প্ৰতি কিলোগ্ৰাম ৰূপৰ মূল্য় ৬০,৪০০ টকালৈ বৃদ্ধি পাই । এইছডিএফচি চিকিউৰিটিৰ জ্যেষ্ঠ এনালিষ্ট তপন পাটেল কয় যে,দিল্লীত ২৪ কেৰেট সোণত ৪৩০ টকা বৃদ্ধি হোৱাৰ ফলত এটি নতুন অভিলেখ সৃষ্টি কৰিবলৈ সক্ষম হয় । আনহাতে,আন্তঃৰাষ্ট্ৰীয় বজাৰত প্ৰতি আউন্সত ১,৮৫৫ মাৰ্কিন ডলাৰ হোৱাৰ বিপৰীতে ৰূপৰ প্ৰতি আউন্সত ২১.৮০ মাৰ্কিন ডলাৰ ।
লগতে চাওকঃ ৰাক্ষসিনীত পথৰ মাজত ভূঁই ৰুই প্ৰতিবাদ ৰাইজৰ