অসম

assam

ETV Bharat / bharat

22 অক্টোবৰৰ দিনটোক JKUF য়ে পালন কৰিলে ক'লা দিৱস হিচাপে - ভাৰত চৰকাৰ

1947 চনত জম্মু-কাশ্মীৰৰ লোকক অত্যাচাৰ কৰাৰ বিৰোধিতাৰে ভাৰত চৰকাৰে আন্তৰ্জাতিক চেঞ্চৰ সুনিশ্চিত কৰিবলৈ আন্তঃৰাষ্ট্ৰীয় ন্যায়িক আদালতত আবেদন কৰিব লাগে ৷ বৃহস্পতিবাৰে এই দাবী উত্থাপন কৰে জম্মু-কাশ্মীৰ ইউনিটী ফাউণ্ডেছনে ৷

জম্মু-কাশ্মীৰ ইউনিটী ফাউণ্ডেছন
জম্মু-কাশ্মীৰ ইউনিটী ফাউণ্ডেছন

By

Published : Oct 22, 2020, 10:45 PM IST

নেশ্যনেল ডেস্ক, 22 অক্টোবৰ: জম্মু-কাশ্মীৰ ইউনিটী ফাউণ্ডেছনে বৃহস্পতিবাৰে ভাৰত চৰকাৰক পাকিস্তানৰ বিৰুদ্ধে নৃশংসতাৰ বাবে আন্তৰ্জাতিক চেঞ্চৰ সুনিশ্চিত কৰিবলৈ আন্তঃৰাষ্ট্ৰীয় ন্যায়িক আদালতত আবেদন জাৰি কৰিবলৈ দাবী উত্থাপন কৰে ৷ 1947 চনত ভাৰতক আক্ৰমণ কৰিবৰ বাবে জেহাদৰ শ্ল'গানেৰে জনজাতীয় লোকসকলক পাকিস্তানে সাজু কৰি তোলাৰ অভিযোগ উত্থাপন কৰি এই দাবী জনায় জম্মু-কাশ্মীৰৰ লোকসকলে ৷

স্বেচ্ছাসেৱী সংগঠনটোৱে 22 অক্টোবৰৰ দিনটোক ক'লা দিৱস হিচাপে অভিহিত কৰিছে ৷ কিয়নো পাকিস্তানী সেনাই 1947 চনত কাশ্মীৰ আক্ৰমণ কৰিছিল, যাতে কাশ্মীৰক নিজৰ পৰিসৰলৈ আনিব পাৰে ৷

লগতে পঢ়ক:স্থলসেনাত সংযোজিত হ'বলৈ সাজু নাগ ক্ষেপনাস্ত্ৰ

ABOUT THE AUTHOR

...view details