নিউজ ডেস্ক, ৬ এপ্ৰিলঃ ১৫ এপ্ৰিলৰ পৰা ঘৰুৱা আৰু ১ মে'ৰ পৰা আন্তঃৰাষ্ট্ৰীয় বিমান সেৱা আগবঢ়াৱ GoAir য়ে । সোমবাৰে এই কথা সদৰী কৰিলে GoAir ৰ বিমান সেৱাৰ মুখপাত্ৰই ।
মুখপাত্ৰ গৰাকীৰ ভাষ্য অনুসৰি, GoAir য়ে ঘৰুৱা বিমান সেৱা লাভৰ বাবে ২০২০ চনৰ ১৫ এপ্ৰিলৰ পৰা বুকিং আৰম্ভ কৰিব পাৰিব । আৰু ১ মে' ৰ পৰা আন্তঃৰাষ্ট্ৰীয় বিমান সেৱাৰ বাবে বুকিং আৰম্ভ কৰিব পাৰিব বুলি ঘোষণা কৰে মুখপাত্ৰ গৰাকীয়ে ।