অসম

assam

ETV Bharat / bharat

GoAir ৰ কৰ্মচাৰীক বিনা বেতনে ৩ মে'লৈ চুটি

দেশত লক ডাউনৰ সময়-সীমা বৃদ্ধি কৰাৰ পাচতেই GoAir কোম্পানীৰ ডাঙৰ সিদ্ধান্ত । GoAir ৰ কৰ্মচাৰীক বিনা বেতনে ৩ মে'লৈ চুটিত যোৱাৰ আহ্বান ।

By

Published : Apr 19, 2020, 7:42 PM IST

GoAir employees to go on leave without pay till May 3
GoAir employees to go on leave without pay till May 3

নিউজ ডেস্ক, ১৯ এপ্ৰিলঃ লক ডাউনৰ সময়-সীমা বৃদ্ধিৰ পাচতেই ৩ মে'লৈ "leave without pay" অৰ্থাৎ বিনা বেতনে চুটি দিয়াৰ সিদ্ধান্ত GoAir কোম্পানীৰ । কোম্পানীটোৰ ৫,৫০০ হাজাৰ কৰ্মচাৰীৰ প্ৰায় সংখ্যক কৰ্মচাৰীকে বিনা বেতনে ৩ মে'লৈ চুটিলৈ যোৱাৰ আহ্বান । লক ডাউনৰ সময়-সীমা বৃদ্ধি কৰাৰ প্ৰতি লক্ষ্য ৰাখিয়ে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি উল্লেখ কৰে এয়াৰ লাইন কোম্পানীটোৱে ।

যোৱা মাৰ্চ মাহতে ৱাডিয়া গ্ৰুপ স্বতাধিকাৰী এয়াৰ লাইন কোম্পানীটোৱে কৰ্মচাৰীক বেতন কৰ্তনৰ লগতে ৰোটেচন ভিত্তিত বিনা বেতনে চুটি দিয়াৰ কথা উল্লেখ কৰিছিল । কিন্তু ১৪ এপ্ৰিলৰ পাচত লক ডাউন পুনৰ বৃদ্ধি কৰাত বিনা বেতনে ৩ মে' পৰ্যন্ত প্ৰায় সংখ্য়ক কৰ্মচাৰীক চুটিত যাবলৈ অনুৰোধ কৰা হৈছে কোম্পানীটোৰ ফালৰ পৰা ।

বিমান সংস্থাটোৱে লগতে কয়,প্ৰয়োজন হ'লে এই বিনা বেতনে চুটিৰ সময়-সীমা বৃদ্ধি কৰিব পৰা যাব পাৰে । ৫৫০০ হাজাৰ কৰ্মচাৰীৰ কেৱল ১০ শতাংশ কৰ্মচাৰীয়ে আৱশ্যকীয় কিছু কামৰ বাবে নিয়োজিত থাকিব । যদিও কোনো কাম পৰিচালনা নহয় কিন্তু নিদিৰ্ষ্ট গুৰুত্বপূৰ্ণ কামৰ বাবে আংশিক বেতন লাভ কৰিব এই সকলে ।

কোম্পানীটোৱে লগতে কয়,আমি আশাবাদী যে পুনৰ ৪ মে' ৰ পৰা মুকলি হ'ব আকাশ মাৰ্গ ।

ABOUT THE AUTHOR

...view details