নেশ্যনেল ডেস্ক, 4 জানুৱাৰী: মহামাৰী ক'ৰণা ভাইৰাচত সমগ্ৰ বিশ্বতে 8,55,20,216 জন লোক সংক্ৰমিত হোৱাৰ লগতে 18,50,941 জন লোক নিহত হৈছে ৷ বৰ্তমানলৈকে 6,04,86,965 জন লোকে মহামাৰীৰ পৰা আৰোগ্য লাভ কৰিছে ৷ এই মহামাৰীত আটাইতকৈ বেছি ক্ষতিগ্ৰস্থ হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰ ৷ 2,11,13,528 জনৰো অধিক লোক মহামাৰীত আক্ৰান্ত হোৱাৰ লগতে 3,60,078 জন লোকৰ মৃত্যু হৈছে ৷
দেওবাৰে প্ৰাক্তন মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে এক টুইট যোগে কয় যে, যোৱা 24 ঘন্টাত 3,00,000 জন লোক নতুনকৈ ক'ৰণা ভাইৰাচত সংক্ৰমিত হৈছে ৷ আন দেশৰ তুলনাত আমেৰিকাত সংক্ৰমিতৰ হাৰ যথেষ্ট বেছি ৷
আমেৰিকাৰ চৰকাৰী স্বাস্থ্য বিষয়াসকলে কয় যে, অতি লেহেমীয়া গতিত প্ৰতিষেধক তৈয়াৰ কৰাৰ বাবে আমেৰিকাত সংক্ৰমিতৰ হাৰ 4 নিযুতলৈ বৃদ্ধি পাইছে ৷