অসম

assam

By

Published : Jun 20, 2020, 1:34 PM IST

ETV Bharat / bharat

বেইজিঙত COVID-19 প্ৰতিৰোধ কৰিবলৈ কঠোৰ ব্যৱস্থা গ্ৰহণ

শনিবাৰে চীনৰ ৰাজধানী বেইজিংত পুনৰ নতুনকৈ ২২ গৰাকী ব্যক্তিৰ দেহত লাভ কৰে মহামাৰী COVID-19 ৰ উপস্থিতি । যাৰ বাবে দেশখনত COVID-19ৰ সংক্ৰমণ তথা প্ৰতিৰোধ কৰিবলৈ প্ৰশাসনে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলিও সদৰি কৰে ।

COVID-19
বেইজিঙত COVID-19 প্ৰতিৰোধ কৰিবলৈ কঠোৰ ব্যৱস্থা গ্ৰহণ

নিউজ ডেস্ক, ২০ জুনঃ বিশ্বজুৰি বৰ্তমান পৰ্যন্ত মহামাৰী COVID-19 ত আক্ৰান্ত হৈছে ৮৭,৫০,৫০১ গৰাকীৰো অধিক লোক । তাৰোপৰি ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হৈছে প্ৰায় ৪,৬১,৮১৩ গৰাকী । বিপৰীতে আৰোগ্য হৈছে ৪৬,২০,৩৫৫ গৰাকী লোক ।

বেইজিঙত COVID-19 প্ৰতিৰোধ কৰিবলৈ কঠোৰ ব্যৱস্থা গ্ৰহণ

আনহাতে, চীনৰ ৰাজধানী বেইজিঙত শনিবাৰে পুনৰ নতুনকৈ ২২ গৰাকীকৈ ব্যক্তিৰ দেহত লাভ কৰে COVID-19 ৰ উপস্থিতি । দেশখনত নতুনকৈ COVID-19 ত আক্ৰান্ত হৈ কোনো লোকৰ মৃত্যু হোৱা নাই যদিও দেশখনত বিগত সপ্তাহত মুঠ ২০৫ গৰাকী লোকৰ দেহত লাভ কৰে মহামাৰী কৰ'ণা । যাৰ পৰিপ্ৰেক্ষিতত দেশখনত মুঠ ভাইৰাছত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পায় ৩০৮ গৰাকীলৈ । তাৰোপৰি দেশখনত ১১ গৰাকী কৰ'ণা ৰোগী সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ থকা বুলিও সদৰি কৰে স্বাস্থ্য বিভাগে ।

উল্লেখ্য যে, চীনৰ স্বাস্থ্য বিভাগে দেশখনত পুনৰ কৰ'ণা সংক্ৰমণ নহ'বলৈ তথা প্ৰতিৰোধ কৰিবলৈ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে বুলিও সদৰি কৰে প্ৰশাসনে ।

ABOUT THE AUTHOR

...view details