নিউজ জেস্ক, ১৬ জুনঃ বিশ্বজুৰি মঙলবাৰ পৰ্যন্ত মহামাৰী COVID-19 ত আক্ৰান্ত হৈছে ৮১,০৮,৬৬৬ গৰাকী লোক । তাৰোপৰি এই ভাইৰাছত আক্ৰান্ত হৈ ৪,৩৮,৫৯৬ গৰাকী লোকৰ ইতিমধ্যে মৃত্যু হোৱাৰ উপৰিও আৰোগ্য হৈছে ৪১,৯৬,৯৮১ গৰাকী লোক ।
আনহাতে, মেক্সিকোত মহামাৰী COVID-19 দ্ৰুত গতিত বৃদ্ধি পোৱাৰ মাজতে সোমবাৰৰ পৰা খুলি দিয়া হৈছে মহামাৰীৰ বাবে বন্ধ কৰি দিয়া ব্যৱসায় বাণিজ্যসমূহ ।
দেশখনৰ স্বাস্থ্য় বিভাগৰ বিষয়ববীয়াই সদৰি কৰা অনুসৰি, মেক্সিকোৰ পৰিৱেশ মালভূমি সদৃশ হোৱাৰ বাবে বৰ্তমান পৰ্যন্ত বৃহত্তৰ মেক্সিকোত কিমান সংখ্যক ৰোগী নতুনকৈ আক্ৰান্ত হৈছে তথা কিমান ৰোগী আৰোগ্য হৈছে তাৰ কোন তথ্য লাভ কৰা নাই ।
তাৰোপৰি ৰাষ্ট্ৰপতি আন্দ্ৰেছ মেনুঅল লোপেজ অব্ৰডোয়ে কয় যে, বৃহত্তৰ মেক্সিকো চিটি মহামাৰী COVID-19ত আটাইতকৈ বেছি ক্ষতিগ্ৰস্থ হৈছে । কিন্তু বৰ্তমান ভাইৰাছত আক্ৰান্তৰ প্ৰকোপ সামন্য পৰিমাণে হ্ৰাস পাইছে ।
COVID-19: মেক্সিকোত পুনৰ খুুলি দিয়া হ'ল ব্যৱসায়-বাণিজ্য আনহাতে, আমেৰিকাৰে ৱাৰেগনতো পূৰ্বতকৈ বৃদ্ধি পাইছে মহামাৰী COVID-19ত আক্ৰান্তৰ হাৰ । সোমবাৰে ৰাজ্যখনত ১৮৪ গৰাকী নতুনকৈ কৰ'ণাত আক্ৰান্ত হয় বুলি সদৰি কৰে স্বাস্থ্য বিভাগে । য'ত দৈনিক হিচাপত ভাইৰাছত আক্ৰান্তৰ সংখ্যা সৰ্বাধিক বুলি পৰিগণিত হৈছে ।