অসম

assam

By

Published : Jun 14, 2020, 12:42 PM IST

ETV Bharat / bharat

বিশ্বজুৰি কোভিড-19 ৰ শেহতীয়া তথ্য

শনিবাৰে বিট্ৰেইনত মহামাৰী COVID-19 ত আক্ৰান্ত হৈ মৃত্যু হয় ১৮১ জন ব্যক্তিৰ । যাৰ পৰিপ্ৰেক্ষিতত শনিবাৰ পৰ্যন্ত ব্ৰিটেইনত COVID-19ত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৪১,৬৬২ লৈ বৃদ্ধি পায় বুলি সদৰি কৰে ব্ৰিটিছ ডিপাৰ্টমেন অফ হেল্থ এণ্ড ছ'চিয়েল কেয়াৰে ।

COVID-19
বিশ্বজুৰি কিমান বৃদ্ধি পালে COVID-19 ত আক্ৰান্তৰ সংখ্যা

নিউজ ডেস্ক, ১৪ জুনঃ শনিবাৰ পৰ্যন্ত বিশ্বজুৰি মহামাৰী কৰ'ণাত আক্ৰান্ত হৈছে ৭৮,৫৫,৪০০ ৰো অধিক লোক । তাৰোপৰি মৃত্যু হৈছে ৪,৩১,৭২৮ গৰাকী লোকৰ । বিপৰীতে আৰোগ্য় হৈ উঠিছে ৪০,১৯,৪৬৯ গৰাকী ।

বিশ্বজুৰি কিমান বৃদ্ধি পালে COVID-19 ত আক্ৰান্তৰ সংখ্যা

আনহাতে, ব্ৰিটিছ ডিপাৰ্টমেন অফ হেল্থ এণ্ড ছ'চিয়েল কেয়াৰে শনিবাৰে সদৰি কৰা অনুসৰি, শুকুৰবাৰ আবেলি পৰ্যন্ত মহামাৰী COVID-19ত আক্ৰান্ত হৈ মৃত্যু হয় ১৮১ গৰাকী ব্যক্তিৰ । যাৰ পৰিপ্ৰেক্ষিতত শনিবাৰ পৰ্যন্ত ব্ৰিটেইনত COVID-19ত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৪১,৬৬২ লৈ বৃদ্ধি পায় ।

বিশ্বজুৰি কিমান বৃদ্ধি পালে COVID-19 ত আক্ৰান্তৰ সংখ্যা

তাৰোপৰি শনিবাৰে দক্ষিণ কোৰিয়াত নতুনকৈ মহামাৰী COVID-19ত আক্ৰান্ত ৩৪ গৰাকী ব্যক্তিৰ তথ্য পোহৰলৈ আহিছে । COVID-19 ৰ উপস্থিতি লাভ কৰা আটাইকেইজন ব্যক্তি দক্ষিণ কোৰিয়াৰ ঘন বসতিপূৰ্ণ অঞ্চল ছিয়োলৰ বুলি জানিব পৰা গৈছে ।

Korea Centers for Disease Control and Prevention ৰ তথ্য অনুসৰি শনিবাৰে দক্ষিণ কোৰিয়াত কৰ'ণা আক্ৰান্ত ৩৪ জন ব্যক্তিৰ ভিতৰত ৩০ জনেই ছিয়োলৰ । য'ত ৫১ মিলিনয় জনসংখ্যাৰ দেশখনৰ আধা সংখ্যক লোকেই ছিয়োলত বাস কৰে বুলি সদৰি কৰে ।

তথ্য অনুসৰি, দক্ষিণ কোৰিয়াত বৰ্তমান পৰ্যন্ত ১২, ০৮৫ গৰাকী লোক COVID-19ত আক্ৰান্ত হৈছে । তাৰ ভিতৰত ১০,৭১৮ গৰাকী লোক আৰোগ্য হৈ উঠাৰ বিপৰীতে বৰ্তমানেও চিকিৎসাধীন ১,০৯০ গৰাকী আৰু মৃত্যু হৈছে ২৭৭ গৰাকীৰ ।

ABOUT THE AUTHOR

...view details