নেশ্যনেল ডেস্ক, ৭ জুন: মহামাৰী কৰ'ণা ভাইৰাছৰ ফলত সমগ্ৰ বিশ্বতে এই পৰ্যন্ত ৬৯,৬৭,০৩৭ জন লোক আক্ৰান্ত হোৱাৰ বিপৰীতে ৪,০১,৬২৩ জন লোকৰ মৃত্যু হয় । লগতে ৩৪,০৮,০৪০ জন ইতিমধ্যে সুস্থ হৈ উঠিছে বুলি জানিব পৰা গৈছে ।
দক্ষিণ কোৰিয়াত ২৪ ঘণ্টা পূৰ্বে ৫৭ জন নতুনকৈ কৰ'ণাত আক্ৰান্ত হোৱাত দেশখনত আক্ৰান্তৰ সংখ্যা ১১,৭৭৬ জনলৈ বৃদ্ধি পায় । ৰোগ নিয়ন্ত্ৰণ আৰু প্ৰতিৰোধৰ ক্ষেত্ৰত কোৰিয়াৰ কেন্দ্ৰই জানিবলৈ দিয়ে যে, মুঠ আক্ৰান্তসকলৰ ভিতৰত ১০,৫৫২ জন লোক ইতিমধ্যে সুস্থ হৈ উঠিছে আৰু বাকী ৯৫১ জন লোকৰ চিকিৎসা চলি আছে ।