নিউজ ডেস্ক, 8 এপ্ৰিল :মহামাৰীৰ সৃষ্টি কৰা কৰ'ণা ভাইৰাছত বৰ্তমানলৈকে বিশ্বত আক্ৰান্ত হৈছে 14,31,706 গৰাকী লোক আৰু মৃত্যু ঘটিছে 82,080 গৰাকী লোকৰ ৷ তাৰোপৰি প্ৰায় 3,025,150 গৰাকী লোকে আৰোগ্য লাভ কৰিছে COVID19ৰ পৰা ৷
কাহ আৰু হাঁচিৰ দ্বাৰা এই বীজাণু সংক্ৰমণ হয় ৷ প্ৰায় সংখ্যক আক্ৰান্তৰ ক্ষেত্ৰত অনুৰূপ লক্ষণ পৰিলক্ষিত হয় ৷ বিশেষকৈ বৃদ্ধ আৰু ৰোগগ্ৰস্ত সকলৰ বাবে ই মৃত্যুৰ কাৰক হৈ উঠে ৷
নিউয়ৰ্কত শেহতীয়াকৈ 731 গৰাকী লোক নতুনকৈ মৃত্যু হৈছে ৷ চহৰখনত কৰ'ণা প্ৰাদুৰ্ভাৱ ঘটাৰ পৰা বৰ্তমানলৈ এইয়াই সৰ্বোচ্চ সংখ্যা ৷ ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে কিছু সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে বিষয়াসকলে ৷ নিউয়ৰ্কত মৃত্যু হোৱা লোকৰ সংখ্যা 5,849 গৰাকী ৷ সমগ্ৰ আমেৰিকাত প্ৰায় 370,000 গৰাকী লোক আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যু হৈছে 11000 লোকৰ ৷