অসম

assam

ETV Bharat / bharat

কভিড-19 : বিশ্বৰ শেহতীয়া তথ্য !

বিশ্বজুৰি কৰ'ণা ত্ৰাসৰ বাবে অচলাৱস্থাৰ সৃষ্টি হৈছে ৷ বৰ্তমানলৈকে এই ব্যাধিত প্ৰায় 65000 লোকে প্ৰাণ হেৰুৱাইছে ৷ আমেৰিকাত কৰ'ণাৰ প্ৰাদুৰ্ভাৱ ৰোধ কৰাতো জটিল হৈ পৰিছে ৷ ইটালী-স্পেইনতো ক্ৰমাৎ অধিক ভয়াৱহ হৈ পৰিছে পৰিস্থিতি ৷ বিশ্বৰ প্ৰায় দুই পঞ্চমাংশ লোক গৃহবন্দী হৈ থাকিবলগীয়া হৈছে কৰ'ণাৰ বাবে ৷

বিশ্বৰ শেহতীয়া তথ্য
বিশ্বৰ শেহতীয়া তথ্য

By

Published : Apr 5, 2020, 11:12 AM IST

নিউজ ডেস্ক, 5 এপ্ৰিল :নভেল কৰ'ণা ভাইৰাছত বিশ্বব্যাপী 12,01,964 গৰাকী লোক আক্ৰান্ত হৈছে ৷ 64,727 গৰাকী লোকে বৰ্তমানলৈকে প্ৰাণ হেৰুওৱাৰ বিপৰীতে প্ৰায় 2,46,638 গৰাকী লোকে বৰ্তমানলৈকে আৰোগ্য লাভ কৰিছে এই ৰোগৰ পৰা ৷

প্ৰায় সংখ্যক কৰ'ণা আক্ৰান্ত ৰোগীৰ ক্ষেত্ৰতে অনুৰূপ ধৰণৰ সাধাৰণ লক্ষণ দেখা পোৱা গৈছে ৷ অৱশ্যে ই মৃত্যুৰ কাৰক হৈ পৰিছে বৃদ্ধ আৰু ৰোগগ্ৰস্ত লোকৰ বাবে ৷

বিশ্বৰ শেহতীয়া তথ্য

চীনৰ স্বাস্থ্য বিভাগে সদৰী কৰা মতে, দেওবাৰে দেশখনত 30 টা নতুন কৰ'ণা আক্ৰান্তৰ ঘটনা চিনাক্ত হৈছে ৷ ইয়াৰে 25 গৰাকী বিদেশৰ পৰা অহা ৷ বাকী 5 গৰাকী হংকঙৰ দক্ষিণ গোৱাংদং প্ৰদেশৰ ৷

ফ্ৰান্সৰ স্বাস্থ্য বিভাগে জনোৱা অনুসৰি দেশখনৰ 7,560 গৰাকী লোক কৰ'ণা আক্ৰান্ত হৈ মৃত্যু মুখত পৰিছে ৷ ইয়াৰে প্ৰায় 2,028 গৰাকী মৃত্যু ঘটিছে চিকিৎসালয়ত ৷

আমেৰিকাত আক্ৰান্তৰ সংখ্যা 3 লাখ অতিক্ৰম কৰিছে আৰু মৃত্যু হোৱা লোকৰ সংখ্যা হৈছে গৈ 8,400 ৷ ইয়াৰে 3,500 গৰাকী লোক নিউয়ৰ্কৰ ৷ কেৱল নিউয়ৰ্ক চহৰতেই মৃত্যু হৈছে 1900 লোকৰ ৷ চীন আৰু ৱাগনৰ পৰা ভেন্টিলেটৰ লাভ কৰাৰ উপৰিও ক্যুম'ৱে ব্যক্তিগত চিকিৎসালয় সমূহক প্ৰয়োজনীয় উশাহ লোৱা যন্ত্ৰ লোকসকলক যোগান ধৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে

লগতে পঢ়ক : হাইজিন : জাপানৰ স্বচ্ছতাৰ প্ৰতি থকা অনুভৱে দুৰত ৰাখিছে কোভিড-19

ABOUT THE AUTHOR

...view details