অসম

assam

সমগ্ৰ বিশ্বৰ কৰ'ণাৰ শেহতীয়া তথ্য !

বিশ্বজুৰি ক্ৰমাৎ কৰ'ণা ভাইৰাছৰ সংক্ৰমণ বৃদ্ধি হ'বলৈ ধৰিছে ৷ এই ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা প্ৰায় 50,000 যদিও আমেৰিকাত ইয়াৰ প্ৰাদুৰ্ভাৱৰ যি ঢৌৱে দেশ খনৰ ৰোগ নিয়ন্ত্ৰণৰ প্ৰচেষ্টাক ব্যৰ্থ কৰি তুলিছে ৷ জৰ্জৰিত ইটালী আৰু স্পেইনতো কৰ'ণাৰ প্ৰাদুৰ্ভৱ আশাব্যঞ্জক ৷ বিশ্বৰ প্ৰায় দুই পঞ্চমাংশ লোক গৃহবন্দী হৈ থাকিব লগীয়া হৈছে কৰ'ণাৰ বাবে ৷

By

Published : Apr 2, 2020, 9:03 PM IST

Published : Apr 2, 2020, 9:03 PM IST

মহামাৰী কৰ'ণা ভাইৰাছ
মহামাৰী কৰ'ণা ভাইৰাছ

নিউজ ডেস্ক, 2 এপ্ৰিল :মহামাৰী কৰ'ণা ভাইৰাছত আক্ৰান্ত হৈছে বিশ্বৰ প্ৰায় 9,35,957 গৰাকী লোক ৷ আনহাতে এই ৰোগত মৃত্যু হোৱা লোকৰ সংখ্যা হৈছে গৈ 87,245 গৰাকী ৷ প্ৰায় 1,98,286 গৰাকী লোকে আৰোগ্য় লাভ কৰিছে কৰ'ণাৰ পৰা ৷

প্ৰায় সংখ্যক লোকৰ ক্ষেত্ৰত সাধাৰণৰ পৰা মধ্যমীয়া লক্ষণ দেখা য়ায় কৰ'ণা ভাইৰাছৰ ৷ বিশেষকৈ বৃদ্ধ আৰু ৰোগগ্ৰস্ত লোক বেছিকৈ আক্ৰান্ত হোৱা পৰিলক্ষিত হৈছে ৷

কৰ'ণা ভাইৰাছৰ সংক্ৰমণ

নিউয়ৰ্কৰ ক'ভিড-19 ত মৃত্যু হোৱা ৰোগীৰ সংখ্যা 72 ঘণ্টাত প্ৰায় দ্বিগুণ বৃদ্ধি হৈ 1941 হৈছেগৈ ৷

সমগ্ৰ বিশ্বৰ কৰ'ণাৰ শেহতীয়া তথ্য !

এমাহ পূৰ্বে নিউয়ৰ্কত প্ৰথমটো কৰ'ণা আক্ৰান্তৰ ঘটনা পোহৰলৈ আহিছিল ৷ ইৰান পৰা অহা এগৰাকী লোকৰ দেহত পোৱা গৈছিল এই ৰোগ ৷ চহৰখনত প্ৰায় 83 হাজাৰ কৰ'ণা আক্ৰান্ত ৰোগী থকাৰ কথা জানিব পৰা গৈছে ৷

সমগ্ৰ আমেৰিকাত বৰ্তমান কৰ'ণা আক্ৰান্তৰ সংখ্যা হৈছে 215,300 গৰাকী ৷ প্ৰায় 5,110 গৰাকী লোকে ইতিমধ্যে মৃত্যুবৰণ কৰিছে আমেৰিকাত ৷ নিউয়ৰ্কত বৰ্তমানলৈ 1200 লোক চিকিৎসাধীন হৈ আছে ৷ নিউয়ৰ্কৰ পৰা লাভ কৰা চৰকাৰী তথ্য অনুসৰি চলিত মাহত সংক্ৰমণ ৰোধৰ কোনো অৱকাশ নাই ৷

লগতে পঢ়ক :লক ডাউনৰ বাবে ভাৰতবৰ্ষত গৃহহীনৰ স্থিতিঃএক সমীক্ষা

ABOUT THE AUTHOR

...view details