নিউজ ডেস্ক : 2 এপ্ৰিল :ভয়াৱহ কৰ'ণা মহামাৰীত সমগ্ৰ বিশ্বজুৰি প্ৰায় 936,204 গৰাকী লোক আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যু মুখত পৰিছে প্ৰায় 47,249 গৰাকী ৷ প্ৰায় সংখ্যক লোকৰেই কৰ'ণা ভাইৰাছৰ মজলীয়া অথবা অতি কম পৰিমাণৰ লক্ষণ পৰিলক্ষিত হয় ৷ বিশেষকৈ বয়োজ্যেষ্ঠ আৰু ৰোগগ্ৰস্ত লোক সকলৰ বাবে ই জটিল অথবা মৃত্যুৰ কাৰক হৈ উঠিছে ৷
নিউয়ৰ্কৰ ক'ভিড-19 ত মৃত্যু হোৱা ৰোগীৰ সংখ্যা 72 ঘণ্টাত প্ৰায় দ্বিগুণ বৃদ্ধি হৈ 1941 হৈছেগৈ ৷ এমাহ পূৰ্বে নিউয়ৰ্কত প্ৰথমটো কৰ'ণা আক্ৰান্তৰ ঘটনা পোহৰলৈ আহিছিল ৷ ইৰানৰ পৰা অহা এগৰাকী লোকৰ দেহত পোৱা গৈছিল এই ৰোগ ৷ চহৰখনত প্ৰায় 83 হাজাৰ কৰ'ণা আক্ৰান্ত ৰোগী থকাৰ কথা জানিব পৰা গৈছে ৷ সমগ্ৰ আমেৰিকাত বৰ্তমান কৰ'ণা আক্ৰান্তৰ সংখ্যা হৈছে 215,300 গৰাকী ৷ প্ৰায় 5,110 গৰাকী লোকে ইতিমধ্যে মৃত্যুবৰণ কৰিছে আমেৰিকাত ৷
মৃত্যুৰ উপত্যকালৈ পৰিণত হোৱা ইটালীত বৰ্তমানেও অব্যাহত আছে কৰ'ণাৰ সন্ত্ৰাস ৷ শেহতীয়া তথ্য অনুসৰি 110,574 গৰাকী লোক কৰ'ণাত আক্ৰান্ত হৈছে ৷ ইটালীত মৃত্যুৰ হাৰ সৰ্বাধিক পৰিলক্ষিত হৈছে ৷ প্ৰায় 13,155 গৰাকী লোকে ইতিমধ্যে মৃত্যুক আঁকোৱালি লোৱাৰ লগতে এই পৰিসংখ্যা প্ৰতি নিয়ত বাঢ়ি গৈ আছে ৷
স্পেইনতো ক্ৰমাৎ বৃদ্ধি পাইছে কৰ'ণাৰ সংহাৰ ৷ আক্ৰান্তৰ সংখ্যাই লাখৰ ঘৰ অতিক্ৰম কৰা স্পেইনত বৰ্তমানলৈ আক্ৰান্তৰ সংখ্যা 104,118 গৰাকী ৷ আনহাতে মৃত্যুৰ সংখ্যাও যঠেষ্ট বৃদ্ধি পাইছে স্পেইনত ৷ দেশ খনত মৃত্যু হোৱা ৰোগীৰ সংখ্যা 9,387 গৰাকী ৷
জাৰ্মানীত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে 77,981 গৰাকীলৈ ৷ অৱশ্যে দেশখনত মৃত্যুৰ হাৰ তুলনামূক ভাৱে কম ৷ বৰ্তমানলৈকে 931 গৰাকী লোকে প্ৰাণ হেৰুৱাইছে ক'ভিড-19 ত ৷