নেশ্যনেল ডেস্ক, 23 আগষ্ট: তাঁত আৰু হস্তশিল্প সঞ্চালকালয়ে মধ্যেপ্ৰদেশৰ হস্তশিল্পী সকলৰ দ্বাৰা প্ৰস্তুত কৰা বস্ত্ৰ আৰু উৎপাদনক মৃগনয়নী এম্পোৰিয়ামৰ মাধ্যমেৰে বিক্ৰী কৰে ৷ সঞ্চালকালয়ে একেৰাহে নতুন ডিজাইন আৰু বিশেষত্বৰে শাৰীসমূহ তৈয়াৰ কৰে ৷ ঘৰুৱা পদ্ধতিৰে তেওঁলোকে শাৰী প্ৰস্তুত কৰাৰ পাচত সম্প্ৰতি তাঁত আৰু হস্তশিল্প সঞ্চালকালয়ে বিশেষ ডিজাইনৰ শাৰী প্ৰস্তুত কৰা আৰম্ভ কৰিছে ৷ এই শাৰীৰ কালেকশ্যনক ভীম বেটকা নাম প্ৰদান কৰা হৈছে ৷ এই শাৰীসমূহত বিশ্ব ঐতিহ্য ক্ষেত্ৰ ভীম বেটকাৰ ৰ'ক পেইণ্টিং দেখা পোৱা যাব ৷ সঞ্চালকালয়ৰ আয়ুক্ত ৰাজীৱ শৰ্মাৰ মতে, অতি শীঘ্ৰেই শাৰীসমূহ বজাৰত মুকলি কৰি দিয়া হ'ব ৷ সেই শাৰীসমূহ মহিলাসকলে আদৰি ল'ব বুলি উল্লেখ কৰে তেওঁ ৷ সেই শাৰীৰ কালেকশ্যনক তেওঁলোকে মহান পুৰাতত্ববিদ স্বৰ্গীয় বিষ্ণু শ্ৰীধৰ বাকৰণকৰৰ স্মৃতিত উচৰ্গা কৰিছে বুলিও উল্লেখ কৰে তেওঁ ৷
কৰ'ণা সংক্ৰমণৰ সময়তো সঞ্চালকালয়ে লৈছে ভিন্ন ব্যৱস্থা
কৰ'ণাক সংক্ৰমণৰ বাবে বজাৰত সৃষ্টি হোৱা মন্দাৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি মৃগনয়নী এম্পোৰিয়ামৰ আয়ক অব্যাহত ৰখাৰ বাবে সঞ্চালকালয়ে বহু প্ৰচেষ্টা হাতত লৈছে ৷ কৰ'ণা সংক্ৰমণৰ সময়তো মৃগনয়নী এম্পোৰিয়ামৰ শিপিনী সকলে ভিন ভিন ডিজাইনৰ হাতে বোৱা মাস্ক প্ৰাস্তুত কৰে আৰু সেইবোৰ পৃথকে পৃথকে চৰকাৰী কাৰ্যালয় আৰু ভিন্ন স্থানত বিক্ৰী কৰে ৷