অসম

assam

ETV Bharat / bharat

কোভিড-১৯ৰ চিকিৎসাৰ বাবে ঔষধ মুকলি গ্লেনমাৰ্কৰ - গ্লেনমাৰ্ক ফাৰ্মাচিউটিকেলৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক গ্লেন চালদান্হা

কোভিড-১৯ত আক্ৰান্ত ৰোগীসকলৰ চিকিৎসাৰ বাবে ফেবিফ্লু (FabiFlu) বেণ্ডৰ অধীনত ফেভিপিৰাভিৰ (Favipiravir) নামৰ এণ্টিভাইৰেল ড্ৰাগ মুকলি কৰা হৈছে । মুম্বাইস্থিত গ্লেনমাৰ্ক ফাৰ্মাচিউটিকেল ঔষধ সংস্থাটোৱে শুকুৰবাৰে ভাৰতীয় ড্ৰাগছ নিয়ন্ত্ৰক জেনেৰেলৰ পৰা উৎপাদন আৰু ব্যৱসায়ৰ অনুমোদন লাভ কৰিছিল ।

কোভিড-১৯ৰ চিকিৎসাৰ বাবে ঔষধ মুকলি গ্লেনমাৰ্কৰ
কোভিড-১৯ৰ চিকিৎসাৰ বাবে ঔষধ মুকলি গ্লেনমাৰ্কৰ

By

Published : Jun 20, 2020, 4:07 PM IST

নেশ্যনেল ডেস্ক, ২০ জুন : গ্লেনমাৰ্ক ফাৰ্মাচিউটিকেল (Glenmark Pharmaceuticals) ঔষধ সংস্থাটোৱে শনিবাৰে সদৰী কৰে যে, কোভিড-১৯ত আক্ৰান্ত ৰোগীসকলৰ চিকিৎসাৰ বাবে ফেবিফ্লু (FabiFlu) বেণ্ডৰ অধীনত ‘ফেভিপিৰাভিৰ’ (Favipiravir) নামৰ এণ্টিভাইৰেল ড্ৰাগ মুকলি কৰা হৈছে । মুম্বাইস্থিত ঔষধ সংস্থাটোৱেই শুকুৰবাৰে ভাৰতীয় ড্ৰাগছ নিয়ন্ত্ৰক জেনেৰেলৰ পৰা উৎপাদন আৰু ব্যৱসায়ৰ অনুমোদন লাভ কৰিছিল ।

কোভিড-১৯ৰ চিকিৎসাৰ বাবে ঔষধ মুকলি গ্লেনমাৰ্কৰ

কোভিড-১৯ৰ চিকিৎসাৰ ক্ষেত্ৰত ফেবিফ্লু হৈছে ফেভিপিৰাভিৰৰ দ্বাৰা অনুমোদন হোৱা প্ৰথম মৌখিক ঔষধ । গ্লেনমাৰ্ক ফাৰ্মাচিউটিকেলৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক গ্লেন চালদান্হা (Glenn Saldanha)ই কয় যে, ‘’কোম্পানীটোৱে বিশ্বাস ৰাখিছে ফেবিফ্লুৰ দৰে প্ৰভাৱশালী ঔষধে ৰোগীসকলৰ চিকিৎসাত সহায়ক হ'ব আৰু ভাৰতত ৰোগীসকলক অতি প্ৰয়োজনীয় সময়ছোৱাত চিকিৎসাৰ বিকল্প প্ৰদান কৰিব । এই ঔষধবিধ মৌখিকভাৱে পৰিচালিত হয় আৰু সেইবাবে আন্তঃশিৰা পৰিচালিত ঔষধৰূপে অধিক সুবিধাজনক হৈ পৰিব ।''

এই ঔষধ চিকিৎসকৰ প্ৰেচকিপচন অনুযায়ী উপলব্ধ হ'ব আৰু প্ৰতিটো টেবলেটত ১০৩ টকা মূল্য হ'ব । প্ৰতিদিনে দুবাৰত ডোজ ১৮০০ মিলিগ্ৰাম হোৱাৰ পিছত ১৪ দিনৰ বাবে দুবাৰত ডোজ ৮০০ মিলিগ্ৰাম হ'ব । ফেভিপিৰাভিৰ কোভিড-১৯ত আক্ৰান্ত ৰোগীসহ হৃদৰোগ আৰু মধুমেহ ৰোগীসকলেও ব্যৱহাৰ কৰিব পাৰিব ।

উল্লেখ্য যে, novel or re-emerging influenza virusৰ চিকিৎসাৰ ক্ষেত্ৰত ফেভিপিৰাভিৰ ২০১৪ চনত জাপানত অনুমোদন কৰা হৈছিল ।

লগতে পঢ়ক : জুছ জেকিং: চাইবাৰ ক্ৰাইমৰ নতুন সংযোজন

ABOUT THE AUTHOR

...view details