অসম

assam

ETV Bharat / bharat

শান্তিৰ সুযোগ বিচাৰি মোডীলৈ বাৰ্তা পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰ - etv bharat assam

মোডীয়ে পাকিস্তানক শান্তিৰ সুযোগ দিয়া উচিতঃ পাকিস্তান

2542548

By

Published : Feb 25, 2019, 12:27 PM IST

ইছলামাবাদ, ২৫ ফেব্ৰুৱাৰীঃ শান্তিৰ সুযোগ বিচাৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ পাকিস্তান মন্ত্ৰণালয়ৰ প্ৰেছ বিবৃতি। জম্মু-কাশ্মীৰৰ পুলৱামাত সংঘটিত হোৱা সন্ত্ৰাসবাদী আক্ৰমণ সন্দৰ্ভত পাকিস্তান জড়িত থকা বুলি পৰ্যাপ্ত প্ৰমাণ পালে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি প্ৰকাশ কৰি দেওবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ এক বিবৃতিপ্ৰেৰণ কৰে পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানে।

পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা প্ৰকাশিত এই বিবৃতিত উল্লেখ কৰা অনুসৰি, "যদি ভাৰতে পৰ্যাপ্ত পৰিমাণৰ প্ৰমাণ দিব পাৰে তেন্তে পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে নিজ কথাত স্থিৰ থাকিব। দোষীৰ বিৰুদ্ধে দ্ৰুত ব্যৱস্থা গ্ৰহণ কৰা হ'ব। মোডীয়ে পাকিস্তানক শান্তিৰ সুযোগ দিয়া উচিত।"

উল্লেখ্য যে, ১৪ ফেব্ৰুৱাৰীত জম্মু-কাশ্মীৰত সংঘটিত হোৱা সন্ত্ৰাসবাদৰ বৰ্বৰ আক্ৰমণত ৪০ গৰাকী জোৱান শ্বহীদ হোৱাৰ বিপৰীতে কেইবাগৰাকীও জোৱান আহত হয়। আনহাতে, এটা ভিডিঅ'যোগে সমগ্ৰ ঘটনাৰ স্বীকাৰোক্তি দিয়ে পাকিস্তানৰ সাহাৰ্যপ্ৰাপ্ত সংগঠন জইচ-ই-মহম্মদে।

ABOUT THE AUTHOR

...view details