নেশ্যনেল ডেস্ক, 17 ফেব্ৰুৱাৰী : গুজৰাটৰ কচ জিলাৰ ভোজ চহৰৰ এখন কলেজত সংঘটিত হ'ল এক আশ্বৰ্যজনক কাণ্ড ৷ কলেজখনৰ প্ৰায় 60 গৰাকী ছাত্ৰীৰ ঋতুস্ৰাৱ হৈছে নে নাই পৰীক্ষা কৰিবৰ বাবে অন্তৰ্বাস খুলিবলৈ বাধ্য কৰা কাৰ্যত হতচকিত হৈ পৰিছে সকলো ৷ এই কাণ্ড সংঘটিত কৰাৰ অপৰাধত কলেজখনৰ অধ্যক্ষ,হোষ্টেল পৰিচালক আৰু পিয়নক নিলম্বিত কৰা হৈছে ৷ ঘটনাৰ সৈতে জড়িত থকাৰ অপৰাধত অধ্যক্ষ ৰিতা ৰনিংগা,ছোৱালী হোষ্টেলখনৰ পৰিচালক ৰমিলাবেন আৰু কলেজ পিয়ন নেইনাক শনিবাৰে নিলম্বিত কৰা হয় ৷ সোমবাৰে শ্ৰী শহজানন্দ ছোৱালী ইনষ্টিটিউটৰ (SSGI) ন্যাসৰক্ষক প্ৰবীণ পিন্দোৰিয়াই এই তিনিগৰাকী মহিলাক নিলম্বন কৰাৰ কথা প্ৰকাশ কৰে ৷ এই তিনিগৰাকী লোকৰ উপৰিও ঘটনাৰ সৈতে অনিতা নামৰ এগৰাকী মহিলাও জড়িত আছে বুলি গোচৰত প্ৰকাশ ৷ ভাৰতীয় দণ্ডাবিধি আইনৰ দফা 384 (জোৰ-জুলুম), 355 (এজন লোকক অপমান কৰাৰ লক্ষ্যৰে অত্যাচাৰ) আৰু 506 (অপৰাধীৰ দৰে ভীতিগ্ৰস্ত কৰা)ত গোচৰ ৰুজু হৈছে ৷
উল্লেখ্য যে, SSGI হৈছে স্ব-পুঁজিৰে পৰিচালিত এখন কলেজ আৰু কলেজখনৰ নিজাববীয়া হোষ্টেল আছে ৷ স্বামীনাৰায়ণ মন্দিৰৰ ন্যাসৰ দ্বাৰা কলেজখন পৰিচালিত হয় ৷ ক্ৰান্তিগুৰু শ্যামজী কৃষ্ণ বৰ্মা কচ বিশ্ববিদ্যালয়ৰ অধীনত কলেজখন পৰিচালিত হয় ৷ সমগ্ৰ ঘটনা সংঘটিত হোৱাৰ পাচত দেওবাৰে ৰাষ্ট্ৰীয় মহিলা আয়োগৰ 7 জনীয়া সদস্যৰ এটা দলে হোষ্টেলখনত উপস্থিত হৈ ভুক্তভোগী ছাত্ৰীসকলৰ সৈতে মত বিনিময় কৰে ৷