চিকিৎসালয়ৰ ছাদৰ পৰা জঁপিয়াই আত্মহত্যাৰ অপচেষ্টা - চিকিৎসা
প্ৰথমে মাতৃৰ সৈতে কাজিয়া আৰু তাৰপাচতেই চিকিৎসালয়ৰ ছাদৰ পৰা জঁপিয়াই আত্মহত্যাৰ অপচেষ্টা চলোৱা এগৰাকী যুৱতীৰ শিহৰণকাৰী দৃশ্যাংশ বন্দী হৈ ৰয় কেমেৰাত ৷ দেওবাৰে নয়দাৰ এখন চিকিৎসালয়ত সংঘটিত হয় এই ঘটনা ৷
নিউজ ডেস্ক, 4 আগষ্টঃ দেওবাৰে উত্তৰ প্ৰদেশত সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা ৷ নয়দাৰ এখন ব্যক্তিগত চিকিৎসালয়ৰ ছাদৰ পৰা জঁপিয়াই আত্মহত্যাৰ চেষ্টা চলায় এগৰাকী যুৱতীয়ে ৷ যুৱতীগৰাকীৰ আত্মহত্যাৰ শিহৰণকাৰী দৃশ্যাংশ বন্দী হৈ ৰৈছে কেমেৰাত ৷ অৱশ্যে উপস্থিত লোকৰ তৎপৰতাত যুৱতীগৰাকীৰ প্ৰাণ ৰক্ষা পৰে ৷ তথ্য অনুসৰি, মাকৰ সৈতে কাজিয়া লাগি যুৱতীগৰাকীয়ে চিকিৎসালয়খনলৈ আহিছিল ৷ কোনো ৰোগত আক্ৰান্ত হৈ থকা যুৱতীগৰাকীয়ে কি কাৰণে আত্মহত্যা কৰিব লৈছিল সেয়া এতিয়াও পোহৰলৈ অহা নাই ৷ পৰৱৰ্তী সময়ত আৰক্ষীৰ উপস্থিতিত যুৱতীগৰাকীক উন্নত চিকিৎসাৰ বাবে আন এখন চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ৷