অসম

assam

ETV Bharat / bharat

লিফ্টৰ চেপাত মৃত্যু 8 বছৰীয়া শিশুৰ - পিণ্ডি পুল্লাৰেড্ডী কলনীৰ এগৰাকী 8 বছৰীয়া শিশুৰ লিফ্টৰ চেপাত মৃত্যু

লিফ্টৰ চেপাত মৃত্যুক সাৱটি ল'লে হাইদৰাবাদৰ এল. বি. নগৰ আৰক্ষী থানাৰ অন্তৰ্গত পিণ্ডি পুল্লাৰেড্ডী কলনীৰ এগৰাকী 8 বছৰীয়া শিশুৱে ৷ শুকুৰবাৰে সমনীয়াৰ সৈতে খেলি থকা অৱস্থাতে লিফ্টত উঠিবলৈ গৈ এই কৰুণ ঘটনা সংঘটিত হয় ৷

8 বছৰীয়া শিশু লাচ্যা

By

Published : Oct 19, 2019, 2:24 PM IST

নেশ্বনেল ডেস্ক, 19 অক্টোবৰ :হাইদৰাবাদৰ এগৰাকী 8 বছৰীয়া শিশুৱে লিফ্টত আবদ্ধ হৈ মৃত্যুক সাৱটি লোৱা এক কৰুণ ঘটনা সংঘটিত হৈছে ৷ এল. বি. নগৰ আৰক্ষী থানাৰ অন্তৰ্গত পিণ্ডি পুল্লাৰেড্ডী কলনীত সংঘটিত হয় এই শোকাৱহ ঘটনা ৷ মৃত শিশুগৰাকী পিণ্ডি পুল্লাৰেড্ডী কলনীত বাস কৰা চন্দ্ৰশেখৰ নামৰ লোকজনৰ 8 বছৰীয়া কন্যা লাচ্যা বুলি জানিব পৰা গৈছে ৷ নতুনকৈ নিৰ্মিত এপাৰ্টমেন্টটোত শুকুৰবাৰে সমনীয়াৰ সৈতে খেলি থকা লাচ্যাই লিফ্টত উঠিবলৈ চেষ্টা কৰোতেই এই ঘটনা সংঘটিত হ'ল বুলি স্থানীয় লোকে জানিবলৈ দিয়ে ৷

হাইদৰাবাদত লিফ্টৰ চেপাত এগৰাকী শিশুৰ মৃত্যু

হঠাতে লিফ্টৰ দুৱাৰ বন্ধ হৈ পৰাত লাচ্যা লিফ্টৰ মাজত আবদ্ধ হৈ পৰে আৰু গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ৷ ততাতৈয়াকৈ শিশুগৰাকীক চিকিৎসালয়লৈ নিয়া হয় যদিও বাটতে তেওঁৰ মৃত্যু হয় ৷

ABOUT THE AUTHOR

...view details