অসম

assam

ETV Bharat / bharat

দেশৰ নিয়ন্ত্ৰক আৰু মহালেখা পৰীক্ষক(CAG) হিচাবে গিৰিশ চন্দ্ৰ মুৰ্মুৰ শপতগ্ৰহণ - লোকসভা আৰু বিধান সভা

শনিবাৰে নতুন দিল্লীত দেশৰ ৰাষ্ট্ৰপতি ৰাম নাথ কোবিন্দে জম্মু কাশ্মীৰৰ প্ৰাক্তন ৰাজ্যপাল গিৰিশ চন্দ্ৰ মুৰ্মুক নিয়ন্ত্ৰক আৰু মহালেখা পৰীক্ষক(CAG)ৰ দায়িত্বৰ বাবে কৰালে শপত গ্ৰহণ । মুৰ্মুয়ে যোৱাটো সপ্তাহত জম্মু কাশ্মীৰৰ ৰাজ্যপালৰ পদবীৰ পৰা কৰিছিল পদত্যাগ ।

Former Jammu & Kashmir Governor Murmu takes oath as CAG
দেশৰ নিয়ন্ত্ৰক আৰু মহালেখা পৰীক্ষক(CAG) হিচাবে গিৰিশ চন্দ্ৰ মুৰ্মুৰ শপতগ্ৰহণ

By

Published : Aug 8, 2020, 8:52 PM IST

নিউজ ডেস্ক, ৮আগষ্ট: শনিবাৰে নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত জম্মু কাশ্মীৰৰ প্ৰাক্তন ৰাজ্যপাল গিৰিশ চন্দ্ৰ মুৰ্মুয়ে ভাৰতৰ নিয়ন্ত্ৰক আৰু মহালেখা পৰীক্ষক হিচাবে ললে শপত গ্ৰহণ । দেশৰ ৰাষ্ট্ৰপতি ৰাম নাথ কোবিন্দে মুৰ্মুক পাঠ কৰালে গোপনীয়তাৰ শপত বাক্য ।

কেন্দ্ৰীয় শাসিত অঞ্চলটোৰ পৰা সংবিধানৰ অনুচ্ছেদ ৩৭০ বাতিল কৰি জম্মু কাশ্মীৰক বিশেষ মৰ্যদা প্ৰদানৰ প্ৰথম বৰ্ষপূতি পালনৰ সময়তে ১৯৮৫ বেটছৰ ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া মুৰ্মুয়ে ৫ আগষ্টত হঠাৎ পদত্যাগ কৰিছিল জম্মু কাশ্মীৰৰ ৰাজ্যপাল পদবীৰ পৰা ।

জম্মু কাশ্মীৰ আৰু লাডাখক কেন্দ্ৰীয় শাসিত ৰাজ্য হিচাবে দুটা ভাগত বিভক্ত কৰাৰ পিছতে গুজৰাট কেডাৰৰ ৬০বছৰীয়া প্ৰাক্তন ভাৰতীয় প্ৰশাসনিক বিষয়া গৰাকীক যোৱাটো বৰ্ষৰ ২৯ অক্টোবৰত জম্মু কাশ্মীৰৰ লেফটেনেণ্ট গৱৰ্ণৰৰ দায়িত্ব অৰ্পণ কৰা হৈছিল । ইয়াৰ পূৰ্বে গিৰিশ চন্দ্ৰ মুৰ্মুয়ে দেশৰ বিত্ত মন্ত্ৰালয়ৰ ব্যয় সচিবৰ দায়িত্বত কাৰ্যনিবাহ কৰি আছিল ।

দেশৰ বিত্ত বিভাগৰ নিয়ন্ত্ৰণ তথা মহালেখা পৰীক্ষকৰ দায়িত্বৰ সময়সীমা হৈছে ছয় বছৰ অথবা বিষয়া জনৰ ৬৫ বছৰ নোহোৱা পৰ্যন্ত ।

উল্লেখ্য যে, CAG বিষয়া গৰাকীক সাংবিধানিক ভাৱে প্ৰধানকৈ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ একাউণ্ট সমূহৰ নিৰীক্ষণৰ দায়িত্ব অৰ্পণ কৰা হয় । পৰৱৰ্তী সময়ত CAGৰ দ্বাৰা নিৰীক্ষণ কৰা এই ৰিপৰ্ট সমূহ লোকসভা আৰু বিধান সভাত উপস্থাপন কৰা হয় ।

ABOUT THE AUTHOR

...view details