অসম

assam

By

Published : Jul 29, 2019, 11:12 PM IST

ETV Bharat / bharat

মেহবুবা মুফটিক উভটি ধৰিলে গিৰিৰাজ সিঙে

পিপুলছ ডেম'ক্ৰেটিক পাৰ্টীৰ প্ৰতিষ্ঠা দিৱসত অনুচ্ছেদ 35(এ)ক লৈ কৰা বিতৰ্কিত মন্তব্যৰ পিচতে জম্মু কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মেহবুবা মুফটিক উভটি ধৰিলে কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিঙে ৷ সংবিধানৰ বিশেষ ক্ষমতা প্ৰদানকাৰী অনুচ্ছেদ 35(এ)ক ৰাজ্যখনৰ পৰা উঠাই ল'লে পৰিস্থিতি বিষম হৈ পৰাৰ ভাবুকি প্ৰদান কৰিছিল মেহবুবা মুফটিয়ে ৷

কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিং

নিউজ ডেস্ক, 29 জুলাইঃ জম্মু কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মেহবুবা মুফটিৰ বিতৰ্কিত মন্তব্যৰ পিচতে জাঙুৰ খাই উঠিল কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিং ৷ অনুচ্ছেদ 35(এ)ক লৈ কৰা বিতৰ্কিত মন্তব্যৰ পিচতে ইটিভি ভাৰতৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৷

মেহবুবা মুফটিক উভটি ধৰিলে গিৰিৰাজ সিঙে

"একমাত্ৰ ভোটবেংকৰ ৰাজনীতিৰ বাবে জম্মু-কাশ্মীৰৰ দৰে ৰাজ্যত সন্ত্ৰাসবাদকে ধৰি বিচ্ছিন্নতাবাদী শক্তিসমূহক প্ৰশ্ৰয় দি আহিছে মেহবুবা মুফটিৰ দৰে তথাকথিত ৰাজনৈতিক নেতাসকলে ৷ কাশ্মীৰক ভাৰতৰ ছুইজাৰলেণ্ড হোৱাত নিজৰ ব্যক্তিগত স্বাৰ্থৰ বাবেই বাধা দি আহিছে একমাত্ৰ এইসকল নেতাই ৷ এনেকুৱা নেতাৰ প্ৰয়োজন আমাক নাই ৷" ইটিভি ভাৰতৰ আগত এইদৰে কয় কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৷

উল্লেখ্য যে, বিগত বৰ্ষৰ জুন মাহত জম্মু কাশ্মীৰ চৰকাৰৰ পৰা 25গৰাকীকৈ বিজেপি বিধায়কে সমৰ্থন উঠাই লৈছিল ৷ পৰৱৰ্তী সময়ত সংখ্যালঘু হৈ পৰা মেহবুবা মুফটি নেতৃত্বাধীন চৰকাৰখনে ইস্তফা দিবলৈ বাধ্য হৈছিল আৰু ডিচেম্বৰ মাহৰ পৰা ৰাজ্যখনত জাৰী কৰা হৈছিল ৰাষ্ট্ৰপতি শাসন ৷ শেহতীয়াকৈ দেশৰ গৃহমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীকে ধৰি জম্মু-কাশ্মীৰৰ শীৰ্ষ বিজেপি নেতাসকলে ৰাজ্যখনত বিধানসভা নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে মঙলবাৰে আলোচনাত মিলিত হোৱাৰ তথ্য প্ৰকাশ কৰিছে বিজেপিৰ শীৰ্ষ সূত্ৰই ৷

ABOUT THE AUTHOR

...view details