অসম

assam

মহাকাশ অনুসন্ধান গৱেষনাৰ বাবে তিৰুবনন্তপুৰমত উপস্থিত এটি বিশাল যন্ত্ৰ

By

Published : Jul 19, 2020, 7:39 PM IST

মহাকাশ অনুসন্ধান গৱেষণাৰ বাবে কেৰালাৰ তিৰুবনন্তপুৰমৰ বিক্ৰম ছাৰাভাই স্পেছ চেণ্টাৰত দেওবাৰে উপস্থিত হয় এটা শক্তিশালী তথা অত্যাধিক ডাঙৰ যন্ত্ৰ । নাছিকত প্ৰস্তুত কৰা এই যন্ত্ৰটো বিগত ৮ জুলাইৰ পৰা মহাৰাষ্ট্ৰৰ পৰা বিক্ৰম ছাৰাভাই স্পেছ চেণ্টাৰ অভিমূখে যাত্ৰা কৰে । লগতে এই যন্ত্ৰটো শীঘ্ৰে ভাৰতীয় মহাকাশ গৱেষণা প্ৰকল্পত ব্যৱহৃত হ'ব বুলিও জানিবলৈ দিয়ে ।

 বিক্ৰম ছাৰাভাই স্পেছ চেণ্টাৰ
বিক্ৰম ছাৰাভাই স্পেছ চেণ্টাৰ

নিউজ ডেস্ক, ১৯ জুলাইঃতিৰুবনন্তপুৰমৰ বিক্ৰম ছাৰাভাই স্পেছ চেণ্টাৰত দেওবাৰে উপস্থিত হয় মহাকাশৰ অনুসন্ধান গৱেষনা প্ৰকল্পৰ ব্যৱহৃত এটা শক্তিশালী, জটিল যন্ত্ৰ তথা কাৰ্গো । বিগত বছৰতে মহাৰাষ্ট্ৰৰ পৰা তিৰুবনন্তপুৰমৰ বিক্ৰম ছাৰাভাই স্পেছ চেণ্টাৰৰ অভিমূখে যাত্ৰা কৰা যন্ত্ৰটো দেওবাৰ অৰ্থাৎ ১৯ জুলাইত উপস্থিত হয় বুলি জানিবলৈ দিয়ে কাৰ্গোৰ লগত যাত্ৰা কৰা কৰ্মচাৰীয়ে ।

কাৰ্গোৰ সৈতে যাত্ৰা কৰা এগৰাকী কৰ্মচাৰীয়ে দেওবাৰে এনআইৰ আগত সদৰি কৰা অনুসৰি, বিগত বৰ্ষৰ ৮ জুলাইত তিৰুবনন্তপুৰমৰ দিশে যাত্ৰা কৰিছিল কাৰ্গো সহিতে কেইবাগৰাকীমান কৰ্মচাৰীয়ে । বিগত ১ বছৰে চাৰিখন ৰাজ্যৰ মাজেৰে যাত্ৰা কৰাৰ পাচত দেওবাৰে বিক্ৰম ছাৰাভাই স্পেছ চেণ্টাৰত কাৰ্গো উপস্থিত হোৱাৰ আশা থকা বুলি মত প্ৰকাশ কৰে কৰ্মচাৰী গৰাকীয়ে ।

এদিনত ৫ কিলোমিটাৰেকৈ চাৰিখন ৰাজ্য অতিক্ৰম কৰি কাৰ্গোখনে তিৰুবনন্তপুৰমত প্ৰৱেশ কৰে । মুঠ ৩২ গৰাকী ষ্টাফৰ সৈতে শক্তিশালী প্ৰায় ৭০ টন ওজনৰ এই যন্ত্ৰৰ উচ্চতা ক্ৰমে ৭.৫ মিটাৰ আৰু ৬.৬৫ মিটাৰ বুলি জানিবলৈ দিয়ে । তাৰোপৰি এই যন্ত্ৰটো নাছিকত নিৰ্মাণ কৰা হৈছে যাৰ দ্বাৰা শীঘ্ৰে ভাৰতীয় মহাকাশ অনুসন্ধান প্ৰকল্পৰ বাবে আৰম্ভ কৰিব বুলি সদৰি কৰে ।

ABOUT THE AUTHOR

...view details