অসম

assam

ETV Bharat / bharat

সেনাবাহিনীৰ শীৰ্ষ বিষয়াৰ লগত নিৰাপত্তাজনিত পৰিস্থিতিক লৈ আলোচনা সেনা প্ৰধানৰ

লাডাখৰ গালৱান উপত্যকাত চীনা চৈন্যৰ আক্ৰমনত ২০ গৰাকীকৈ ভাৰতীয় জোৱান শ্বহীদ হোৱাৰ ঘটনাৰ পাছতেই দেশৰ সেনাপ্ৰধান এম এন নাৰাভানে নিৰাপত্তাজনিত পৰিস্থিতিক লৈ শীৰ্ষ বিষয়াৰ সৈতে আলোচনাত মিলিত হয়।

 security situation
General Naravane discusses security situation with top army commanders

By

Published : Jun 22, 2020, 8:46 PM IST

নিউজ ডেস্ক, ২২ জুনঃ সুৰক্ষাজনিত পৰিস্থিতি সন্দৰ্ভত সোমবাৰে নতুন দিল্লীত আলোচনাত মিলিত হয় সেনা প্ৰধান জেনেৰেল এম এন নাৰাভানে । উচ্চ পৰ্যায়ৰ সেনা কামাণ্ডাৰসকলৰ সৈতে দেশৰ নিৰাপত্তাজনিত পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰে সেনা প্ৰধানগৰাকীয়ে।

সেনাৰ সূত্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি, দ্বিতীয় পৰ্যায়ৰ কামাণ্ডাৰ সন্মিলনৰ বাবে দিল্লীত উপস্থিত আছে সকলো সেনা বিষয়া । সোমবাৰ আৰু মঙলবাৰে অনুষ্ঠিত হ'ব এই বৈঠক । বৈঠকত উত্তৰ আৰু পশ্চিম দুয়ো ক্ষেত্ৰৰ পৰিচালন পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰা হ'ব।

সেনাবাহিনীৰ শীৰ্ষ বিষয়াৰ লগত নিৰাপত্তাজনিত পৰিস্থিতিক লৈ আলোছনা সেনা প্ৰধানৰ

লাডাখৰ গালৱান উপত্যকাত ভাৰত আৰু চীনা সৈন্যৰ মাজৰ সংঘৰ্ষত চীনা চৈন্যৰ আক্ৰমনত ২০ গৰাকীকৈ ভাৰতীয় জোৱান শ্বহীদ হোৱাৰ ঘটনাৰ পাছতেই দেশৰ সেনাপ্ৰধানগৰাকী এই আলোচনাত মিলিত হয় । উল্লেখ্য যে, ভাৰত-চীনৰ সীমা সমস্যাক লৈ দুয়োখন দেশৰ প্ৰতিৰক্ষা বিভাগৰ মাজত উচ্চ পৰ্যায়ৰ কথা-বতৰা চলি থকাৰ সময়তেই সংঘটিত হৈছিল এই আক্ৰমনৰ ঘটনা ।

ABOUT THE AUTHOR

...view details