হুৰিয়ত কনফাৰেন্সৰ অধ্যক্ষ 90 বৰ্ষীয় ছৈয়দ আলি শ্বাহ গিলানীয়ে সোমবাৰে ফৰামৰ পৰা পদত্যাগ কৰে ৷ ইয়াৰ ফলত জম্মু-কাশ্মীৰৰ সামগ্ৰিক বিচ্ছিন্নতাবাদী ৰাজনীতিত বৃহৎ প্ৰভাৱ পৰিছে ৷
গিলানীৰ হুৰিয়ত ত্যাগ কাশ্মীৰৰ আইন প্ৰণয়নকাৰী সংস্থাসমূহৰ বাবে এক বৃহৎ উপশম বুলি গণ্য কৰা হৈছে যিহেতু হুৰিয়তৰ মুৰব্বী হিচাপে তেওঁৰ মৃত্যু হোৱা হ'লে কাশ্মীৰত অন্য এক অশান্তিৰ সৃষ্টি হোৱা পৰিলক্ষিত হ'লহেতেন ৷
গিলানী আৰু কাশ্মীৰৰ বিচ্ছিন্নতাবাদী ৰাজনীতি গিলানীৰ পদত্যাগে কাশ্মীৰ সমস্যাৰ সৈতে জড়িত হৈ থকা কেন্দ্ৰীয় চৰকাৰৰ লোকক বহু ক্ষেত্ৰত সহায় কৰিব ৷ জম্মু-কাশ্মীৰক দুই কেন্দ্ৰীয় শাসিত অঞ্চলত বিভাজিত কৰাত অন্যতম ভূমিকা গ্ৰহণ কৰা বিজেপি নেতা ৰাম মাধৱে এই খবৰ লাভ কৰা পাচতে তিনিবাৰকৈ টুইটাৰৰ জৰিয়তে গিলানীৰ পদত্যাগৰ কথা প্ৰকাশ কৰিছিল ৷ তৃতীয় টুইটত মাধৱে কৈছিল, "কাশ্মীৰৰ বহু যুৱক আৰু পৰিয়ালৰ জীৱন ধংস কৰা, উপত্যকাটোক সন্ত্ৰাস আৰু হিংসাৰ মাজলৈ ঠেলি দিয়াৰ বাবে অকলে দায়ী এই মানুহজন ৷ এতিয়া কোনো কাৰণ নদৰ্শোৱাকৈয়ে হুৰিয়তৰ পৰা পদত্যাগ কৰিছে ৷ ইয়াৰ ফলত তেওঁৰ পূৰ্বৰ পাপসমূহ মাৰ্জনা কৰিব পৰা যাব জানো ?" ইয়াৰ পৰা জানিব পৰা যায় যে, এবছৰ ধৰি নিমাত হৈ থকিলেও গিলানীক ৰাজনৈতিক প্ৰাসংগিকতা দিয়া হৈছিল ৷
গিলানী আৰু কাশ্মীৰৰ বিচ্ছিন্নতাবাদী ৰাজনীতি গিলানীৰ হুৰিয়ত আৰু তেওঁৰ বিবৃতি সমূহ অনুচ্ছেদ 370 বাতিলকৰণৰ পাচত খুব কমেই শুনা হৈছিল ৷ 370 অনুচ্ছেদ বাতিলকৰণৰ পাচত তেওঁ কোনো প্ৰতিবাদ কৰাও নাছিল ৷ গিলানীৰ পদত্যাগে বহু লোকক চিন্তামুক্ত কৰিছে ৷ এক অডিঅ' মেছেজৰ জৰিয়তে পদত্যাগ ঘোষণা কৰি গিলানীয়ে হুৰিয়ত সদস্যৰ ভিতৰতে ধন আৰু কাশ্মীৰত প্ৰভূত্ব বিস্তাৰক লৈ আভ্যন্তৰীণ কন্দল হোৱাৰ উমান দিয়ে ৷ এই ভিডিঅ' সীমান্ত অঞ্চলত অতি কম সময়ৰ ভিতৰতে ভাইৰেল হৈ পৰাৰ লগতে আঞ্চলিক আৰু ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত শীৰ্ষ স্থান লাভ কৰে ৷
এই পত্ৰখনৰ জৰিয়তে এই কথাৰ সংকেত দিয়া হৈছিল যে, তেওঁৰ হুৰিয়তে বিচ্ছিন্নতাবাদ সম্পৰ্কত হাৰ মানিবলৈ বাধ্য হৈছে আৰু কাশ্মীৰত বিচ্ছিন্নতাবাদ কোনো কাৰণতে প্ৰাসংগিক হৈ থকা নাই বুলি প্ৰমাণ হৈছে ৷ 2008 চনৰ অমৰনাথ ভূমি সম্পৰ্কীয় বিষয়ত কাশ্মীৰত অভূতপূৰ্ব জনপ্ৰিয়তা অৰ্জন কৰা এইজন নেতাই সেই সময়ত কাশ্মীৰত শাসনৰ দাবী কৰিছিল ৷ সেই সময়ত তেওঁ এই কথাও মানি ল'বলৈ অস্বীকাৰ কৰিছিল যে, তেওঁৰ সমপৰ্যায়ৰ কাশ্মীৰত কোনো লোক আছে ৷ সেই সময়তে তেওঁ হুৰিয়তৰ উত্তৰাধিকাৰী হিচাপে জ্যেষ্ঠ পুত্ৰ ডঃ নয়িমৰ নাম মনোনীত কৰা বুলিও অভিযোগ উত্থাপন হৈছিল ৷ ইয়াৰ পাচতে সমগ্ৰ বিচ্ছিন্নতাবাদী শিবিৰত অশান্তিৰ সৃষ্টি হোৱাত তেওঁ এই মনোনয়ন উঠাই ল'বলৈ বাধ্য হৈছিল ৷
সেই সময়ত তেওঁ বিনা বাধাৰে জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছিল কিন্তু, 2019 চনৰ 5 আগষ্টৰ কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্তৰ পাচৰ পৰা সকলো সলনি হৈ পৰে ৷ চৰকাৰৰ বিৰুদ্ধে গিলানীয়ে সদায়ে জোৰদাৰ প্ৰতিবাদ সাব্যস্ত কৰি আহিছিল ৷ 90 দশকৰ প্ৰথম ভাগতে আলতাফ আহমেদ ওৰফে আজম ইনকিলাবীৰ অস্ত্ৰ-শস্ত্ৰ ত্যাগ কৰাৰ সময়ত এয়া আত্মসমৰ্পন বুলি মন্তব্য কৰিছিল গিলানীয়ে ৷ 2003 চনত মূল হুৰিয়তৰ পৰা গিলানী পৃথক হৈ যোৱাৰ পাচত ভাৰত আৰু পাকিস্তানৰ মাজৰ আলোচনাচক্ৰৰ নেতৃবিন্দ বিক্ৰী হোৱা বুলিও আৰোপ লগাইছিল ৷ ইয়াৰ পাচতে তেওঁ হুৰিয়তৰ অন্য এটা ভাগ আৰম্ভ কৰে আৰু ইয়াক 'শোধন প্ৰক্ৰিয়া' বুলি অভিহিত কৰে ৷
বহু কেইজন বিচ্ছিন্নতাবাদী আৰু তেওঁৰ জোঁৱাই জড়িত হৈ থকা বহুকেইটা ধন আত্মসাতৰ গোচৰ NIA ই তদন্ত কৰি থকাৰ সময়তে গিলানীয়ে এই আত্মসাতৰ কথাত হয়ভৰ দিছিল ৷
গিলানীৰ পদত্যাগ পত্ৰই বহু কথাই উদঙাব বুলি আশা কৰা হৈছে ৷ শ্ৰীনগৰৰ পৰা মুজফ্ফৰবাদলৈ তেওঁৰ পদত্যাগক লৈ বহু চৰ্চা চলিলেও গিলানীৰ নাতিয়ে টুইটাৰৰ জৰিয়তে কয় যে, এজন লোকে তেওঁৰ বিচাৰধাৰা, ৰাজনৈতিক স্থিতি, বিশ্বাস আৰু ধাৰণাৰ পৰা কেতিয়াও পদত্যাগ ল'ব নোৱাৰে ৷ ইয়াৰ জৰিয়তে হুৰিয়তৰ পৰা গিলানীক আঁতৰাবলৈ চেষ্টা কৰা সকললৈ এক বাৰ্তা প্ৰেৰণ কৰা হৈছে ৷ কিন্তু, ইয়াৰ পূৰ্বেই গিলানীয়ে সন্মানজনকভাৱে হুৰিয়তৰ পৰা অৱসৰ গ্ৰহণ কৰি আঁতৰি যায় ৷
-বিলাল ভাট