নতুন দিল্লী, 8 মে' :ইটিভি ভাৰতৰ সৈতে হোৱা আছুতীয়া সাক্ষাৎকাৰত নিজৰ লক্ষ্যৰ কথা প্ৰকাশ কৰে গৌতম গম্ভীৰে৷ পূব দিল্লীৰ সাংসদৰূপে নিৰ্বাচিত হ'লে স্বচ্ছতাৰ ওপৰত বিশেষভাৱে গুৰুত্ব দিব বুলি প্ৰকাশ কৰে বিজেপিৰ প্ৰাৰ্থীগৰাকীয়ে৷
আপে কেৱল ধৰ্ণা আৰু নাটকহে কৰিলেঃ গৌতম গম্ভীৰ - বিজেপি
লোকসভা নিৰ্বাচনৰ বাবে মূল ইছ্যু নিৰ্ধাৰণ বিজেপিৰ প্ৰতিনিধি গৌতম গম্ভীৰৰ৷ পূব দিল্লী লোকসভা সমষ্টিৰ পৰা বিজেপিৰ হৈ প্ৰতিদন্দ্বিতা আগবঢ়াইছে প্ৰাক্তন ক্ৰিকেটাৰ গৌতম গম্ভীৰে৷
![আপে কেৱল ধৰ্ণা আৰু নাটকহে কৰিলেঃ গৌতম গম্ভীৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3219784-thumbnail-3x2-gautam.jpg)
ইটিভি ভাৰতৰ সৈতে গৌতম গম্ভীৰৰ আছুতীয়া সাক্ষাৎকাৰ
ইটিভি ভাৰতৰ সৈতে গৌতম গম্ভীৰৰ আছুতীয়া সাক্ষাৎকাৰ
আম আদমী পাৰ্টীৰ শাসনকালত দিল্লীত কেবল প্ৰতিবাদ আৰু ধৰ্ণাহে দেখা পোৱা গ'ল৷ উন্নয়নৰ কোনো গুৰুত্বপূৰ্ণ আঁচনি তথা দিল্লীৰ প্ৰধান সমস্যা প্ৰদূষণ ৰোধ কৰিবলৈ কোনো ব্যৱস্থাই আম আদমী পাৰ্টীয়ে নোলোৱা বুলিও কেজৰিৱালক কটাক্ষ কৰে প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে৷