অসম

assam

ETV Bharat / bharat

বাঘজানৰ অগ্নিকাণ্ড সন্দৰ্ভত কৰা পি আই এল বৰ্খাস্ত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

বাঘজানৰ তেলখাদৰ লগতে সমগ্ৰ অঞ্চলটোত হোৱা বিস্ফোৰণ আৰু অগ্নিকাণ্ডৰ ঘটনা প্ৰসংগত অইল ইণ্ডিয়া,এটা ব্যক্তিগত কোম্পানী,কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ বিৰুদ্ধে তৰা পিআইএলখন বাতিল কৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে । আবেদনকাৰী আৰু প্ৰতিপক্ষৰ যুক্তি তৰ্ক শুনাৰ অন্তত ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ অজয় লাম্বা আৰু ন্যায়াধীশ সৌমিত্ৰ শইকীয়াৰ বেঞ্চে পৰিৱেশ সচেতক তথা উদ্যোগী ব্যক্তি নিৰন্ত গোঁহাইয়ে কৰা পি আই এলখন বৰ্খাস্ত কৰে ।

By

Published : Jun 13, 2020, 7:51 PM IST

Gauhati HC dismisses PIL on Assam gas well tragedy
বাঘজানৰ অগ্নিকাণ্ড সন্দৰ্ভত কৰা পি আই এল বৰ্খাস্ত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

গুৱাহাটী, ১৩জুন: বাঘজানৰ তেলখাদৰ লগতে সমগ্ৰ অঞ্চলটোত হোৱা বিস্ফোৰণ আৰু অগ্নিকাণ্ডৰ ঘটনা প্ৰসংগত অইল ইণ্ডিয়া,এটা ব্যক্তিগত কোম্পানী, কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ বিৰুদ্ধে তৰা পিআইএলখন বাতিল কৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে । আবেদনকাৰী আৰু প্ৰতিপক্ষৰ যুক্তি তৰ্ক শুনাৰ অন্তত ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ অজয় লাম্বা আৰু ন্যায়াধীশ সৌমিত্ৰ শইকীয়াৰ বেঞ্চে পৰিৱেশ সচেতক তথা উদ্যোগী ব্যক্তি নিৰন্ত গোহাঁইয়ে কৰা পিআইএলখন বৰ্খাস্ত কৰে ।

বাঘজানৰ অগ্নিকাণ্ড সন্দৰ্ভত কৰা পি আই এল বৰ্খাস্ত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

সন্মানীয় উচ্চ ন্যায়ালয়ে দিয়া নিৰ্দেশনাত কোৱা হৈছে 'আবেদনৰ চতুৰ্থ অনুচ্ছেদত উল্লেখ কৰা মতে আবেদনকাৰীৰ আইনী প্ৰক্ৰিয়াৰ প্ৰতি কোনো আগ্ৰহ নাই । আনহাতেদি আবেদনকাৰীজন উদ্যোগী ব্যক্তি আৰু ঘটনাস্থলীৰ সমীপত তেখেতৰ এখন ল'জ আছে ।' নিৰ্দেশনাটোত এইবুলিও কোৱা হৈছে যে,যিহেতু মহামাৰী ক'ৰণাৰ বাবে ৰাজ্য চৰকাৰৰ নিৰ্দেশনা অনুযায়ী সকলো হোটেল আৰু ল'জ বন্ধ হৈ আছে,সেয়ে এই সংক্ৰান্তত আবেদনকাৰী পক্ষই উপযুক্ত যুক্তি দাঙি ধৰিব নোৱাৰিলে । সন্মানীয় উচ্চ ন্যায়ালয়ে কলে,আবেদনত ক্ষতিপূৰণৰ লগতে উচিত তদন্তৰো অনুৰোধ কৰা হৈছে। ইতিমধ্যে বিভিন্ন তদন্তকাৰী সংস্থাই এই সংক্ৰান্তত তদন্ত চলাই আছে ।

উল্লেখ্য যে, ১০ জুনত দাখিল কৰা নিৰন্ত গোঁহাইৰ এই পিআইএলত ভাৰতীয় তেল নিগম,জ'ন এনাৰ্জি প্ৰাইভেট লিমিটেড আৰু কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰকে সামৰি ১২টাকে প্ৰতিস্থানক অভিযুক্ত হিচাপে উল্লেখ কৰা হৈছিল ।

আবেদনকাৰীৰ অধিবক্তা শান্তনু বৰঠাকুৰে জানিবলৈ দিয়া মতে,জনহিতাৰ্থে আদালতত দাখিল কৰা এই পিআইএল খনত সমূহ ক্ষতিগ্ৰস্তকে পৰ্যাপ্ত ক্ষতিপূৰণ প্ৰদান,সমস্ত ঘটনাৰ উচিত তথা নিৰপেক্ষ তদন্ত কৰাৰ লগতে বৃহৎ অঞ্চলটোৰ জৈৱবৈচিত্ৰ ৰক্ষা আৰু সংৰক্ষণৰ ব্যৱস্থা কৰাৰ আহ্বান জনোৱা হৈছিল ।

লগতে চাওকঃ গুইজান হাইস্কুলৰ আশ্ৰয় শিবিৰ পৰিদৰ্শন মন্ত্ৰী অতুল বৰা আৰু সঞ্জয় কিষাণৰ

ABOUT THE AUTHOR

...view details