নিউজ ডেস্ক ১৮ এপ্ৰিলঃকেন্দ্ৰীয় শ্ৰমমন্ত্ৰী সন্তোষ গংগাৱাৰে দেশৰ ৰাজ্য তথা কেন্দ্ৰীয়শাসিত অঞ্চলসমূহলৈ এক বিশেষ নিৰ্দেশনা প্ৰদান কৰিছে । কোভিড-১৯ মহামাৰীৰ সময়ত দেশৰ বিভিন্ন প্ৰান্তত আৱদ্ধ হৈ পৰা শ্ৰমিকসকলৰ অভাৱ-অভিযোগসমূহ গ্ৰহণ কৰিবলৈ ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক এই নিৰ্দেশনা প্ৰদান কৰিছে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে । সেই অনুসৰি, ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে নিজ নিজ প্ৰশাসনিক অঞ্চলত শ্ৰম বিভাগৰ সহযোগত কেন্দ্ৰীয় শ্ৰম বিভাগে শেহতীয়াকৈ স্থাপন কৰা ২০টা নিয়ন্ত্ৰণকক্ষৰ সৈতে সংযোগ স্থাপন কৰিবলৈ নিজাৱবীয়াকৈ নিয়ন্ত্ৰণকক্ষ স্থাপন কৰিবলৈ কোৱা হৈছে ।
কোভিড-১৯ মহামাৰীৰ সময়ত শ্ৰমিকসকলে সন্মুখীন হোৱা সমস্যাসমূহৰ সমাধানৰ বাবে ৰাজ্যিক তথা কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ সংশ্লিষ্ট শ্ৰম বিভাগক শুকুৰবাৰে এই নিৰ্দেশনা প্ৰদান কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে । কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক প্ৰেৰণ কৰা নিৰ্দেশনাটোত শীঘ্ৰেই নিয়ন্ত্ৰণকক্ষসমূহ স্থাপন কৰি এগৰাকী নডাল বিষয়া নিযুক্ত কৰিবলৈ কোৱা হৈছে ।