অসম

assam

By

Published : Apr 5, 2020, 1:31 PM IST

ETV Bharat / bharat

নমামি গংগা বিফল যদিও লক ডাউনে পৰিষ্কাৰ কৰিছে গংগাৰ পানী

লকডাউনৰ ফলত পূৰ্বতকৈ পৰিষ্কাৰ হৈছে গংগাৰ পানী ৷

গংগাৰ পানী
গংগাৰ পানী

নিউজ ডেস্ক, 5 এপ্ৰিলঃ লকডাউনৰ সময়ছোৱাত ৰাজ্যসমূহৰ প্ৰদূষণৰ মাত্ৰা ক্ৰমাৎ হ্ৰাস পাইছে ৷ ৰাজ্যৰ উদ্যোগসমূহ বন্ধ হৈ পৰাৰ ফলত বায়ু প্ৰদূষণ কমি অহা পৰিলক্ষিত হৈছে ৷ লকডাউনৰ ফলস্বৰূপে পূৰ্বতকৈ পৰিষ্কাৰ হৈছে গংগাৰ পানী ৷ গংগাৰ সমীপৱৰ্তী উদ্যোগসমূহ বন্ধ হৈ থকাৰ ফলত উদ্যোগৰ লেতেৰা পানী, আৱৰ্জনা, বিষাক্ত ৰাসায়নিক দ্ৰব্যসমূহৰ পৰা ক্ৰমাৎ প্ৰদূষণ মুক্ত হৈছে গংগা ৷ পূৰ্বতকৈ অধিক পৰিষ্কাৰ হৈ পৰিছে নৈখনৰ পানী ৷ লক ডাউনৰ মাত্ৰ 12 দিন অতিক্ৰম কৰাৰ পাছতে 40 ৰ পৰা 50 শতাংশ মানদণ্ড উন্নত হৈছে গংগাৰ পানীৰ ৷

উল্লেখ্য যে, প্ৰধানমন্ত্ৰীৰ নমামি গংগা কাৰ্যসূচীৰ অধীনত চৰকাৰে কেবা কোটি টকা ব্যয় কৰা পাছতো সম্পূৰ্ণ পৰিষ্কাৰ হোৱা নাছিল গংগাৰ পানী ৷ নমামি গংগাৰ অধীনত চাৰিটা আৱৰ্জনা নিষ্কাষণ প্ৰকল্পয়ো লক ডাউনৰ সমান্তৰালকৈ গংগাৰ পানী পৰিষ্কাৰত ব্যৰ্থ হৈছিল ৷ প্ৰকল্পসমূহে গংগা নদীৰ সংৰক্ষণত সহায় কৰিব বুলি প্ৰধানমন্ত্ৰী মোডীয়ে ভাষণ প্ৰদান কৰিছিল যদিও লকডাউনে ব্যৰ্থ প্ৰতিপন্ন কৰিলে নমামি গংগাৰ সকলো প্ৰচেষ্টা ৷

ABOUT THE AUTHOR

...view details