- বিশ্বৰ সকলো দেশৰ মাজত থকা আদৰ্শগত আন্তৰিক সহযোগিতাই হৈছে বিশ্বশান্তি ৷ বিশ্বশান্তিৰ ধাৰণাৰ লগত অহিংস নীতি জড়িত হৈ আছে; য'ত বিশ্বৰ সকলো দেশেই দায়িত্বশীলভাৱে যুদ্ধনীতি বৰ্জনৰ ওপৰত গুৰুত্ব দি আহিছে ৷ কিন্তু বৰ্তমান সময়ত বিশ্বই বিভিন্ন অসুবিধাৰ সন্মুখীন হৈ আহিছে ৷ আন্তঃৰাষ্ট্ৰীয় সীমা-বিবাদ, গোষ্ঠীগত বিবাদ, ধৰ্মীয় মৌলবাদ, নৈ-পানী সমস্যাকে ধৰি অন্যান্য সমস্যাসমূহ দীঘলীয়া হৈ গৈ আছে ৷ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বহুটো স্তৰত হোৱা আলোচনা-চুক্তিৰ লগতে তৃতীয় পক্ষৰ হস্তক্ষেপৰ পিচটো এইসমূহ বিবাদৰ কোনো সমাধান সূত্ৰ ওলোৱা নাই ৷আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এইসমূহ সমস্যা উত্থাপন আৰু তাৰ সমাধানৰ বাবে গান্ধী আৰু তেওঁৰ মতাদৰ্শক প্ৰয়োজনীয় গুৰুত্ব দিয়া হোৱা নাই ৷ গান্ধীৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিলেও আন্তঃৰাষ্ট্ৰীয় সমাজে তেওঁক এগৰাকী সমাধানকাৰী হিচাপে গ্ৰহণ কৰা নাই ৷ বৰ্তমান সময়ৰ সমস্যাসমূহ ইমানেই জটিল হৈ পৰিছে যে, ইয়াৰ সমাধান গান্ধীবাদৰ দ্বাৰা সমাধান কৰাটো সম্ভৱপৰ নহয় বুলি আন্তঃৰাষ্ট্ৰীয় সমাজে উপেক্ষা কৰি আহিছে ৷ সৰ্বোতপৰি, গান্ধীবাদক একমাত্ৰ সামাজিক আৰু সাংস্কৃতিক কাৰক হিচাপেই গ্ৰহণ কৰি অহা হৈছে ৷
- নিজৰ জন্মস্থানত মহাত্মা গান্ধীক জাতিৰ পিতা আখ্যা দিয়া হৈছে ৷ কিন্তু ৰাজনৈতিক আৰু অৰ্থনৈতিকভাৱে তেওঁৰ নীতিসমূহক গ্ৰাম্য অৰ্থনীতিৰ লগতে স্বচ্ছতা বুলি গ্ৰহণ কৰি অহা হৈছে ৷ এনেকুৱা কঠিন বাস্তৱৰ পিচত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত গান্ধীবাদৰ অহিংস নীতি কেৱল মাত্ৰ এটা অনুমান মাথো ৷তথাপিও অধ্যয়নৰ দ্বাৰা গম পোৱা গৈছে যে, সাত দশক পূৰ্বেই গান্ধীজীয়ে কোৱা, ইমান কঠোৰ সংঘৰ্ষৰ পিচটো হিংসা প্ৰতিৰোধ কৰি শান্তি স্থাপনত ব্যৰ্থ হোৱা কথাৰ গুৰুত্ব আজিও প্ৰাসংগিক ৷ গান্ধীজীয়ে বিভিন্ন সময়ত কথিত আৰু লিখিত ৰূপত কোৱা শান্তিৰ ধাৰণাই সমসাময়িক বিবাদসমূহৰ বাবে সমাধান প্ৰদান কৰে ৷
- আজিৰ দিনৰ বহুটো বিবাদ-ব্যৱস্থাপনা নীতি গান্ধীজীয়ে তেওঁৰ সময়ত আগবঢ়োৱা আন্তঃৰাষ্ট্ৰীয় নীতিৰে এক প্ৰতীকি ৷ গান্ধীজীয়ে কৈছিল, "আমি প্ৰথমে সহিষ্ণু হ'ব লাগিব, যাতে আমাৰ মাজত থকা মতানৈক্য সৌহাদ্যপূৰ্ণ মাধ্যমেৰে সমাধান কৰিব পাৰো ৷ অন্যথা আমি তৃতীয় পক্ষৰ ওচৰত নিজকে সমৰ্পন কৰিম যিটো পৰিহাৰ্য ৷"
- তৃতীয় পক্ষৰ মধ্যস্থতাৰ পৰা বাচিবলৈ সহিষ্ণুতাৰ মাজত ৰাজনৈতিক, জাতীয়, সামাজিক আৰু ধৰ্মীয় তত্ত্বৰ পয়োভৰ থকাটো বিশ্বাস কৰিছিল গান্ধীজীয়ে ৷ "যেতিয়াই সহিষ্ণুতা কম হৈ পৰে তেতিয়া শান্তিলৈ বিপদ আহে ৷ বিবাদৰ বাস্তৱিক চৰিত্ৰ চিনাক্ত কৰিব লাগে আৰু সম্ভৱত তাত লুকাই থকা তত্ত্বসমূহক আগবঢ়াই দিব লাগে ৷"
- হিন্দ স্বৰাজত লিখা এক প্ৰৱন্ধত গান্ধীজীয়ে এখন নাগৰিক চৰকাৰে নিজৰেই বিদ্ৰোহী নাগৰিকৰ সৈতে শান্তি বৰ্তাই ৰখাত ব্যৰ্থ হোৱাক লৈ ক্ষোভ প্ৰকাশ কৰিছিল ৷ এখন উন্নত সভ্য, লোকতান্ত্ৰিক নাগৰিক সমাজে নিজৰ দেশৰ শান্তি বৰ্তাই ৰাখিবলৈ নিজৰ সীমামূৰীয়া ৰাষ্ট্ৰৰ সৈতে সীমা বিবাদত লিপ্ত হোৱাৰ প্ৰয়াস কৰে বুলি লিখিছিল গান্ধীজীয়ে ৷
- শান্তি আৰু সদ্ভাৱনাক ভাল পোৱা এখন দেশৰ সম্পৰ্কত গান্ধীজীয়ে লিখিছিল,"অস্ত্ৰৰ দ্বাৰা শান্তি নাহে বৰঞ্চ নিৰস্ত্ৰ লোকৰ ওচৰত ৰাষ্ট্ৰৰ নিৰস্ত্ৰ ন্যায়ৰ নীতিৰ দ্বাৰা সম্ভৱ ৷ এয়া শান্তিৰ প্ৰতি অহিংস নীতিৰ এক বিকল্প ৷ দুৰ্ভাগ্যৱশত, বিভিন্ন পৰিস্থিতিত এনেকুৱা চিন্তাশীল নীতি খুব কমসংখ্যক ৰাষ্ট্ৰই প্ৰয়োগ কৰিছে ৷ ইয়াৰ বিপৰীতে বহুসংখ্যক ৰাষ্ট্ৰই অহিংস নীতিৰ সুগন্ধ নথকা কাৰ্যপন্থা অৱলম্বন কৰি আহিছে ৷"
কিন্তু আজিৰ পৃথিৱীত য'ত আন্তঃৰাষ্ট্ৰীয় সংঘৰ্ষভয়ংকৰ ৰূপত বৃদ্ধি পাইছে, তেনেস্থলত এনেকুৱা উদাত্ত, আদৰ্শবাদী বিচাৰধাৰা কিমান প্ৰাসংগিক ?
- বহুটোৰ বাবে ইয়াৰ তাৎক্ষণিক উত্তৰ নঞৰ্থক আহিব ৷ তথাপিও এনেকুৱা বহু উদাহৰণ আছে, য'ত কিছুমান ব্যক্তিয়ে নিজৰ বিচাৰধাৰা আৰু কৰ্মৰাজীৰ দ্বাৰা ক্ষুদ্ৰ হওঁক অথবা বৃহৎ,শান্তিৰ দ্বাৰা সমাজ পৰিৱৰ্তন কৰিবলৈ সক্ষম হৈছে ৷ শান্তি আৰু অহিংসাৰ গান্ধীবাদী ধাৰণাৰ দ্বাৰা অনুপ্ৰাণিত হৈ সমাজ পৰিৱৰ্তন কৰিবলৈ সক্ষম হোৱা এনেকুৱা লোকসকলৰ ভিতৰত,শান্তিৰ নবেল বঁটাপ্ৰাপক শ্বিৰিন ইবাদি (2003), ৱাংগাৰি মাথাই (2004),মহম্মদ ইউনুছ (2006), মাৰ্টি আথ্তিছাৰি (2008) আদি উল্লেখযোগ্য ৷ নিজৰ কৰ্মৰাজীৰে এইসকল লোকে সমাজত শান্তি স্থাপন কৰিবলৈ সক্ষম হৈছে ৷ আং ছান চ্যু কিআৰু নেলছন মেণ্ডেলাৰ দৰে ব্যক্তিয়ে অহিংস নীতিৰ দ্বাৰা পৰিচালিত হৈ নিজৰ লক্ষ্যত উপনীত হ'বলৈ সক্ষম হৈছিল ৷