অসম

assam

ETV Bharat / bharat

সত্যৰ অন্বেষণৰ ওপৰত আধাৰিত আছিল গান্ধীৰ সত্যাগ্ৰহ - সত্যাগ্ৰহ আন্দোলনৰ সময়ত পদযাত্ৰা কৰি থকা অৱস্থাত মহাত্মা গান্ধী

যিসময়ত লেলিনে সাম্যবাদ প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল, হিংসাত্মক নীতিৰ আধাৰত মাও ছেং টুং, ফিডেল কাষ্ট্ৰোৰ দৰে নেতাই বিদেশীৰ শাসন ওফৰাই দিছিল, তেনে সময়তে গান্ধীৰ অহিংস নীতিয়ে নেলচন মেণ্ডেলা আৰু মাৰ্টিন লুথাৰ কিঙৰ দৰে বিশ্বখ্যাত নেতাক অনুপ্ৰানিত কৰিবলৈ সক্ষম হৈছিল ৷

সত্যৰ অন্বেষণৰ ওপৰত আধাৰিত আছিল গান্ধীৰ সত্যাগ্ৰহ

By

Published : Aug 21, 2019, 2:10 PM IST

অন্যায়ৰ বিৰুদ্ধে সত্যাগ্ৰহ আছিল ৰাজনৈতিক আৰু সামাজিক শক্তিৰ অতুলনীয় যোগদান ৷ মহাত্মা গান্ধীয়ে আৰম্ভ কৰা অহিংসা নীতিৰে অনুপ্ৰাণিত সত্যাগ্ৰহ আন্দোলনে ভাৰতক ব্ৰিটিছ শাসনৰ পৰা মুক্ত কৰি স্বাধীনতা লাভত বহুলৰূপে সহায় কৰিছিল ৷ সত্যাগ্ৰহই বহুলক্ষাধিক লোকক ব্ৰিটিছ ৰাজত্বৰ বিৰুদ্ধে নিৰস্ত্ৰ সংগ্ৰাম কৰিবলৈ অনুপ্ৰাণিত কৰিছিল ৷ সত্যাগ্ৰহৰ ফলত মানুহৰ মনত থিতাপি লোৱা আত্মবিশ্বাসে ব্ৰিটিছক ভাৰত ত্যাগ কৰিবৰ বাবে ক'বলৈ সাহস প্ৰদান কৰিছিল ৷

গান্ধীজীৰ এখন বিশেষ আলোকচিত্ৰ

1857 চনৰ পিছৰে পৰাই ব্ৰিটিছ ৰাজত্ব ওফৰাবলৈ বহুটো হিংসাত্মক ঘটনা সংঘটিত হৈছিল ৷ তেনেকুৱা প্ৰথমটো বিদ্ৰোহ সংঘটিত কৰিছিল চিপাহী মংগল পাণ্ডে ৷ বিট্ৰিছে মংগল পাণ্ডেৰ বিদ্ৰোহ দমনীয় হাতেৰে নিয়ন্ত্ৰণ কৰিছিল ৷ তেনেকুৱা আন এক বিদ্ৰোহ সংঘটিত হৈছিল চিত্তাগংগত যাক দমনীয় হাতেৰে নিয়ন্ত্ৰণ কৰাৰ লগতে মোগল সম্ৰাট বাহাদুৰ শ্বাহ জফৰৰ দ্বাৰা সংঘটিত শেষৰটো বিদ্ৰোহ সম্ৰাটক গ্ৰেপ্তাৰ আৰু নিৰ্বাসনৰ দ্বাৰা নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছিল ব্ৰিটিছ শাসকে ৷ ব্যক্তিগতভাৱে ব্ৰিটিছৰ বিৰুদ্ধে হাতত অস্ত্ৰ তুলি লৈছিল খুদিৰাম বসুৱে ৷ দেশৰ বাবে এইসকল লোকে সৰ্বোচ্চ ত্যাগ কৰিছিল ৷ সশস্ত্ৰ বিদ্ৰোহক সমৰ্থন জনালেও তেওঁলোকৰ সৈতে সংগ দিবলৈ আগবাঢ়ি অহা নাছিল বহুসংখ্যক লোক ৷

সত্যাগ্ৰহ আন্দোলনৰ সময়ত পদযাত্ৰা কৰি থকা অৱস্থাত মহাত্মা গান্ধী

দক্ষিণ আফ্ৰিকাত শ্বেতবৰ্ণৰ দ্বাৰা সবৰ্ণ লোকৰ ওপৰত সংঘটিত অত্যাচাৰ ৰোধ কৰিবলৈ প্ৰথমে সত্যাগ্ৰহ আন্দোলন সংঘটিত কৰিছিল মহাত্মা গান্ধীয়ে ৷ 1915 চনত ভাৰতলৈ ওভটি অহাৰ পিচতে বৃহৎ হাৰে নিৰস্ত্ৰ লোকক ব্ৰিটিছৰ বিৰুদ্ধে সত্যাগ্ৰহ আন্দোলনত নামি পৰিবলৈ অনুপ্ৰাণিত কৰিছিল মহাত্মা গান্ধীয়ে ৷ বিহাৰৰ চম্পাৰণত 1917 চনত সত্যাগ্ৰহ আন্দোলনৰ প্ৰথমটো ধ্বনি আৰম্ভ কৰিছিল মহাত্মা গান্ধীয়ে ৷ গান্ধীয়ে বিহাৰৰ চম্পাৰণত হোৱা নীল খেতিয়কৰ ওপৰত ব্ৰিটিছে আৰম্ভ কৰা শোষণৰ বিৰুদ্ধে আন্দোলনত নামি পৰিছিল ৷ ব্ৰিটিছে বলপূৰ্বকভাৱে জাপি দিয়া নীল খেতিৰ নীতিৰ বিৰুদ্ধে মাত মাতি স্থানীয় লোকসকলক অহিংস নীতিৰ প্ৰতি আগ্ৰহী কৰি তুলিছিল মহাত্মা গান্ধীয়ে ৷

সত্যাগ্ৰহ আন্দোলনৰ সময়ত মহাত্মা গান্ধীৰ এখন বিশেষ আলোকচিত্ৰ

মহাত্মা গান্ধীৰ অহিংস নীতিয়ে দেশৰ সৰ্বসাধাৰন জনতাক নিৰস্ত্ৰৰূপে বিট্ৰিছৰ বিৰুদ্ধে যুদ্ধত নামি পৰিবলৈ বিশ্বাস প্ৰদান কৰিছিল ৷ সত্যাগ্ৰহ হৈ পৰিছিল শক্তিশালী ব্ৰিটিছৰ বিৰুদ্ধে জনতাৰ একমাত্ৰ অস্ত্ৰ ৷ চম্পাৰণ আন্দোলনৰ পিচতে অহিংস নীতিৰে অনুপ্ৰাণিত চৌকত আলী আৰু মহম্মদ আলীয়ে ব্ৰিটিছৰ আৰম্ভ কৰা খিলাফট আন্দোলনত নামি পৰিছিল বহুসংখ্যক মুছলমান লোক ৷ মহাত্মা গান্ধীয়ে এই দুগৰাকী মুছলমান ভাতৃয়ে আৰম্ভ কৰা খিলাফট আন্দোলনক মুকলিকৈ সমৰ্থন আগবঢ়াইছিল ৷ একমাত্ৰ মহাত্মা গান্ধীৰ বাবেই এই আন্দোলন দেশব্যাপী বিয়পি পৰিছিল আৰু হিন্দু-মুছলমানৰ মাজৰ একতাৰ এনাজৰীডাল শক্তিশালী কৰি তুলিছিল ৷ দেশৰ স্বাধীনতাৰ প্ৰথমটো আন্দোলন, 1857 চনত আৰম্ভ হোৱা চিপাহী বিদ্ৰোহৰ পিচতেই মহাত্মা গান্ধীৰ অহিংস নীতিৰে অনুপ্ৰাণিত সত্যাগ্ৰহ আন্দোলনে দেশৰ জনতাক ব্ৰিটিছ শাসনৰ বিৰুদ্ধে নিৰস্ত্ৰভাৱেই মাত মাতিবলৈ সাহস প্ৰদান কৰিছিল ৷

ভাষণৰত অৱস্থাত মহাত্মা গান্ধী

দক্ষিণ আফ্ৰিকাত থকাৰ সময়তে গান্ধীয়ে সত্যাগ্ৰহৰ গুৰুত্ব উপলব্ধি কৰিছিল ৷ ভাৰতৰ সত্যাগ্ৰহ আন্দোলনৰ সময়ত মহাত্মা গান্ধীৰ পত্নী কস্তুৰবা গান্ধীক গ্ৰেপ্তাৰ কৰিছিল ব্ৰিটিছে ৷ কস্তুৰবা গান্ধীৰ গ্ৰেপ্তাৰৰ পিচতেই দেশত বৃহৎ হাৰে মহিলাই এই আন্দোলনত অংশগ্ৰহণ কৰিছিল ৷ কস্তুৰবা গান্ধী আছিল সত্যাগ্ৰহ আন্দোলনৰ প্ৰথমগৰাকী ব্যক্তি যাক ব্ৰিটিছে গ্ৰেপ্তাৰ কৰিছিল ৷

মহাত্মাৰ ভাষণ শুনিবলৈ লোকৰ ভিৰ

সত্যাগ্ৰহ আন্দোলনত অংশগ্ৰহণ কৰা লোকসকলৰ নিয়মানুৱৰ্তিতা বৰ্তাই ৰাখিবলৈ সক্ষম হৈছিল মহাত্মা গান্ধীয়ে ৷ ইয়াৰ বাবে তেওঁ লোকসকলক ভাষণ প্ৰদান কৰাৰ লগতে বিভিন্ন প্ৰৱন্ধ লিখি শিক্ষিত কৰি তুলিছিল ৷ শিক্ষাৰ গুৰুত্ব উপলব্ধি কৰি গান্ধীজীয়ে প্ৰকাশ কৰিছিল ইয়ং ইণ্ডিয়া, হৰিজন আৰু নৱজীৱন নামে পত্ৰিকা ৷

প্ৰতিবাদকাৰীসকলৰ সৈতে মহাত্মা গান্ধী

সত্যাগ্ৰহৰ সুন্দৰতা গান্ধীজীৰ জীৱনত প্ৰকাশ পাইছিল ৷ সত্যাগ্ৰহ আন্দোলনৰ ফলতেই ব্ৰিটিছকে ধৰি গান্ধীৰ বহুটো প্ৰতিদ্বন্দী তেওঁৰ বন্ধু হৈ পৰিছিল ৷ গান্ধীজীৰ সত্যবাদিতা আৰু অহিংস নীতিৰ আদৰ্শ ভাৰতবৰ্ষতে আৱদ্ধ নাছিল ৷ তেওঁৰ আদৰ্শই বিদেশৰ বহু দেশৰ নেতাক অন্যায়ৰ বিৰুদ্ধে মাত মাতিবলৈ অনুপ্ৰাণিত কৰিছিল ৷ ইয়াৰ ভিতৰত দক্ষিণ আফ্ৰিকাৰ স্বাধীনতা সংগ্ৰামী তথা প্ৰথমগৰাকী ৰাষ্ট্ৰপতি নেলচন মেণ্ডেলা আৰু আমেৰিকাৰ সংগ্ৰামী মাৰ্টিন লুথাৰ কিং আছিল অন্যতম ৷

অধিক পঢ়কঃ গান্ধীজীৰ আদৰ্শ আৰু দেশৰ উন্নয়ন

সাধাৰণ জীৱন-যাপন, প্ৰকৃতিৰ সৈতে সহযোগিতা, সহযোগী সামাজিক জীৱন, মহিলাৰ মুক্তি আৰু নিৰ্যাতিতসকলৰ উন্নতিৰ ওপৰতে ভিত্তি কৰি গান্ধীজীয়ে প্ৰচাৰ কৰিছিল অহিংস আৰু সত্যাগ্ৰহৰ ধাৰণা ৷ যিটো সময়ত সাম্যবাদ আৰু পূঁজিবাদৰ ধাৰণাই সমগ্ৰ বিশ্বকে দুটা ভাগত ভাগ কৰিছিল তেনে সময়তে মহাত্মা গান্ধীৰ অহিংস নীতিয়ে জন্ম দিছিল "হিন্দ স্বৰাজ"ৰ ধাৰণা ৷

লেখকঃ নচিকেতা দেশাই

ABOUT THE AUTHOR

...view details