নিউজ ডেস্ক, 29 আগষ্টঃ জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীৰ 150 সংখ্যক জন্মজয়ন্তী উদযাপনৰ প্ৰাকক্ষণত প্ৰতিবছৰৰ 2 অক্টোবৰ তাৰিখে আনুষ্ঠানিক পৰম্পৰা আৰু নিৰুৎসাহপূৰ্ণ উদযাপনক বাদ দি আমাৰ সকলোৰে মনবোৰ নিৰাশাৰে পূৰ্ণ হৈ বিগত 72 টা বছৰে গান্ধীজীৰ আদৰ্শৰ প্ৰতি অসন্মান প্ৰদৰ্শন কৰাহে পৰিলক্ষিত হৈছে ৷ যিয়েই সামগ্ৰিক ভাৰতবৰ্ষৰ ভৱিষ্যত সম্পৰ্কত উদ্বিগ্নতাক প্ৰতিনিধিত্ব কৰিছে ৷ সাম্প্ৰতিক বিশ্বায়নৰ যুগত ধোঁৱাখলীয়া আৰু উদাসীন জীৱন-যাপনত মগ্ন সকলে ক্ষন্তেক সময়ৰ বাবে গান্ধীবাদৰ আদৰ্শক সোঁৱৰণৰ নামত লোকচক্ষুক প্ৰদৰ্শনৰ কিছু সময়ৰ বাবে ক্ষুদ্ৰ হাৰত একগোট হ'লেও কিন্তু সেইসকলৰ মনস্তত্বত অহৰহ পশ্চাদগামিতা আৰু মধ্যযুগীয় ধ্যান-ধাৰণাই ক্ৰিয়া কৰি থাকে ৷
কিন্তু এইক্ষেত্ৰত দেশৰ 100 কৌটি উৰ্ধ্বৰ জনসংখ্যাৰ 50 শতাংশ জনসংখ্যাক প্ৰতিনিধিত্ব কৰি থকা যুৱ প্ৰজন্মক আৰু যাক নতুন সহস্ৰাব্দৰ প্ৰথমটো দশকত ভাৰতৰ ভাগ্যনিয়ন্তাৰূপে ইতিমধ্যে মানি লোৱা হৈছে, সেইসকল যুৱ প্ৰজন্মই গান্ধীজীয়ে দেশবাসীক উচৰ্গিত কৰা শৌৰ্য তথা গান্ধীবাদী আদৰ্শ আৰু প্ৰমূল্যৰ প্ৰাসংগিকতা বিষয়ে জানিবলৈ পাই নিশ্চিতভাৱে আপ্লুত হ'ব ৷ আজিৰ যুৱপ্ৰজন্মই নিজৰ জীৱনৰ লক্ষ্য সাধনৰ যাত্ৰাত দীৰ্ঘসময় সাধনাৰ ৰাস্তাৰ পৰা ফালৰি কাটি পৰিশ্ৰম আৰু অভিনৱ বাটতহে অগ্ৰসৰ হোৱা দেখা গৈছে যদিও তেওঁলোক সেই হিচাপত সজাগ আৰু সচেতন য'ত তেওঁলোকে দেশৰ সংস্কৃতি আৰু আমাৰ প্ৰমূল্যৰ ক্ষেত্ৰত সংস্থাপিত আধাৰ সম্পৰ্কত লাগতিয়াল শুধৰণি যেতিয়া আৰু য'তেই দৰকাৰ হয়, তাত অলপো হীনদেৰি নোহোৱাকৈ প্ৰয়োগ কৰাৰ সামৰ্থতা ৰাখে ৷ আজিৰ নৱ প্ৰজন্মই এই কথা জানি গৌৰৱ অনুভৱ কৰিব যে বিগত শতিকাটোৰ কেইগৰাকীমান মহান মণিষীসকলৰ ভিতৰত অন্যতম আইনষ্টাইনৰ দৰে বৈজ্ঞানিক, বাট্ৰাণ্ড ৰাছেলৰ দৰে দাৰ্শনিক, বাৰ্ণাড শ্বৰ দৰে কাব্যিক মহীৰূহ কে ধৰি আন বহুতো প্ৰখ্যাত নবেল বঁটা প্ৰাপকসকলেও একেমুখে গান্ধীজীক এক জলন্ত চাকি হিচাপে অভিহিত কৰিছে, যিয়েই এক অনন্য আলোকৰ উৎস আৰু যিয়েই মানৱজাতিক অন্ধকাৰৰ গহ্বৰৰৰ পৰা পোহৰৰ সন্ধান প্ৰদৰ্শন কৰে ৷
গৌতম বুদ্ধ আৰু যীশু খ্ৰীষ্টৰ দৰেই গান্ধীজীয়েও দুখীয়া-নিছলাৰ বাবে জীৱন কটাইছিল আৰু মৃত্যুবৰণ কৰিছিল ৷ যিয়েই মানৱতাবাদক উজ্জীৱিত কৰি তুলিছিল ৷ গান্ধীজীৰ মহানতাৰ গুণ গাই আৰৱ দেশৰ কবি মিখাইল নৱেমাই এনেদৰে লিখিছে, "গান্ধীজীৰ হাতত থকা লাখুটিডাল তৰোৱালতকৈও বেছি তীক্ষ্ন, তেওঁ গাত মেৰিয়াই ৰখা চাদৰখন হৈছে এখন অভেদ্ৰ কৱচ যাক সাগৰৰ সিপাৰৰ পৰা অহা স্বামীৰ বন্দুকৰ গুলীয়েও ভেদিব নোৱাৰে ৷ সঁচা অৰ্থত গান্ধীজীৰ সাহস তথাকথিত ব্ৰিটিছৰ কাগজী সিংহতকৈ শতগুণে বেছি ৷