অসম

assam

By

Published : Aug 23, 2020, 4:40 PM IST

ETV Bharat / bharat

260,000 পাউণ্ডত নিলাম হ'ল গান্ধীৰ সোণ খোদিত চছমা

আমি চাৰি সপ্তাহ পূৰ্বে লেটাৰবক্সত চছমাযোৰ দেখিছিলো এগৰাকী ভদ্ৰলোকে ৰাখিছিল ৷ তেওঁৰ খুড়াকে তেওঁৰ সেইযোৰ গান্ধীৰ হাতেৰে দিছিল" বুলি নিলাম হাউছটোৰ কৰ্মীয়ে জানিবলৈ দিয়ে ৷

UK auction
মহত্মা গান্ধী

নিউজ ডেস্ক, 23 আগষ্টঃ মহত্মা গান্ধীয়ে পিন্ধা এযোৰ সোণ খোদিত চছমা ব্ৰিষ্ট'লৰ এটা নিলাম ঘৰৰ পৰা 260,000 পাউণ্ডত বিক্ৰী হয় ৷ চলিত মাহৰ আৰম্ভণিতে দক্ষিণ পশ্চিম ইংলেণ্ডৰ এটা বৃহত্তম নিলাম হাউছ ইষ্ট ব্ৰিষ্ট'লৰ কৰ্মীয়ে লেটাৰবক্সৰ ভিতৰত এটা খামত চছমাযোৰ প্ৰত্যক্ষ কৰে ৷

কৰ্মচাৰীজনে অনুমান লগায় যে এই চচমাযোৰ 14,500 পাউণ্ডতকৈও অধিক টকাত বিক্ৰী হ'ব ৷ শেহতীয়াকৈ 260,000 পাউণ্ডত চছমাযোৰ বিক্ৰী হয় ৷

"আমি চাৰি সপ্তাহ পূৰ্বে লেটাৰবক্সত চছমাযোৰ দেখিছিলো এগৰাকী ভদ্ৰলোকে ৰাখিছিল ৷ তেওঁৰ খুড়াকে তেওঁৰ সেইযোৰ গান্ধীৰ হাতেৰে দিছিল" বুলি নিলাম হাউছটোৰ কৰ্মীয়ে জানিবলৈ দিয়ে ৷

লগতে পঢ়কঃকোকৰাঝাৰৰ আৰক্ষী অধীক্ষক ক'ভিড-19 প'জিটিভ

"এটা অবিশ্বাস্য বস্তুৰ বাবে এটা অবিশ্বাস্য পৰিণাম ৷ নিবিদা দিয়া প্ৰতিজনকে ধন্যবাদ জ্ঞাপন কৰে নিলাম হাউছটোৱে ৷ " নিলামকৰ্মী Andrew Stowe য়ে কয় যে, কোনোৱে শুকুৰবাৰে নিশা চছমাযোৰ লেটাৰবক্সত ৰাখে ৷ সোমবাৰলৈ তাতে থাকে চছমাযোৰ ৷ পৰৱৰ্তী সময়ত মোৰ এজন কৰ্মচাৰীয়ে সেইযোৰ মোক গতায় দিয়ে আৰু কয় যে, এইযোৰ গান্ধীৰ চছমা ৷

ABOUT THE AUTHOR

...view details