অসম

assam

ETV Bharat / bharat

গান্ধীৰ প্ৰথম অসম ভ্ৰমণ আৰু কলিয়াবৰ - জনগণক উদ্বুুদ্ধ কৰি তুলিছিল

1921 চনত জাতীৰ পিতা মহাত্মা গান্ধীয়ে প্ৰথমবাৰৰ বাবে অসম ভ্ৰমণ কৰিছিল ৷ স্বাধীনতা আন্দোলনৰ বাবে অসমীয়া জনগণক উদ্বুুদ্ধ কৰি তুলিবৰ বাবে তেওঁ অসম ভ্ৰমণ কৰিছিল ৷ গান্ধীজীৰ এই ভ্ৰমণৰ পাছতে আন্দোলনৰ জৰিয়তে গান্ধীজীক পূৰ্ণ সহযোগিতা প্ৰদান কৰিবলৈ অসমৰ ৰাইজ প্ৰতিজ্ঞাবদ্ধ হৈছিল ৷

মহাত্মা গান্ধী

By

Published : Oct 2, 2019, 11:00 AM IST

নগাঁও, 2 অক্টোবৰ : 1921 চনত জাতিৰ পিতা মহাত্মা গান্ধীয়ে অসম ভ্ৰমণ কৰিছিল ৷ শিলঘাটৰ গান্ধী অস্থিধাম, ডাক বঙলা আৰু কুঁৱৰীটোলৰ গান্ধী পথাৰে সোঁৱৰাই গান্ধীৰ অসম যাত্ৰাৰ কথা । 1917-19 চনলৈকে হোৱা ভাৰতীয়ৰ দুৰৱস্থাৰ ফলস্বৰূপে বৃটিছৰ প্ৰতি গান্ধীজীৰো মোহভংগ হৈছিল আৰু তেওঁ বৃটিছসকলৰ পূৰ্বৰ সহযোগীৰ পৰিৱৰ্তে অসহযোগী হৈ উঠিছিল । ঘটনাক্ৰমত এইয়াই অসহযোগ আন্দোলনৰ ৰূপ লৈছিল ৷ 1885 চনত প্ৰতিষ্ঠা লাভ কৰা ভাৰতীয় জাতীয় কংগ্ৰেছে গান্ধীজীৰ নেতৃত্বত 1921 চনত বৃটিছৰ বিৰুদ্ধে অসহযোগ আন্দোলন গঢ়ি তোলে । অসমতো 1903 চনত মানিক চন্দ্ৰ বৰুৱাৰ নেতৃত্বত প্ৰতিষ্ঠা হোৱা অসম এছ'চিয়েছনে জাতীয় কংগ্ৰেছৰ নেতৃত্বত আৰম্ভ হোৱা অসহযোগ আন্দোলনত অংশগ্ৰহণ কৰি সৰ্বভাৰতীয় ৰাজনীতিলৈ অগ্ৰসৰ হৈছিল । সংগঠনটোৰ একাংশ নেতা-কৰ্মীয়ে এছ'চিয়েছনক কংগ্ৰছৰ প্ৰাদেশিক কমিটিলৈ ৰূপান্তৰৰ চেষ্টা কৰিছিল । অনেক বাদ-বিবাদৰ অন্তত যোৰহাটত 1921 চনৰ 18 এপ্ৰিল তাৰিখে ছবিলাল উপাধ্যায়ৰ পৌৰোহিত্যত অসম এছ'চিয়েছনৰ এক বিশেষ অধিৱেশনত অসম প্ৰদেশ কমিটি গঠনৰ সিদ্ধান্ত লোৱা হয় । সেই বছৰৰে জুন মাহত কুলধৰ চলিহাক সভাপতি আৰু নবীন চন্দ্ৰ বৰদলৈক সম্পাদকৰূপে লৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটি গঠন কৰা হয় ।

গান্ধীৰ প্ৰথম অসম ভ্ৰমণ আৰু কলিয়াবৰ

1921 চনত গান্ধীজীয়ে সমগ্ৰ ভাৰত ভ্ৰমণ কৰি অসহযোগ আন্দোলনৰ তাৎপৰ্য ব্যাখ্যা কৰে । মানৱ দেহৰ শত্ৰু কানি-ভাং-মদ ত্যাগ কৰা, বিদেশী বস্ত্ৰ বৰ্জন আৰু প্ৰতিজন ভাৰতবাসীকে নিজে কপাহৰ সূতা কাটি কাপোৰ বয় পৰিধান কৰিবলৈ আহ্বান জনাইছিল গান্ধীয়ে ৷ কিন্তু অসমত জাতীয় কংগ্ৰেছৰ বিশেষ অস্তিত্ব নথকাত অসমত জাতীয় কংগ্ৰছৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে তৰুণ ফুকন আৰু নবীন চন্দ্ৰ বৰদলৈয়ে এই সুযোগ গ্ৰহণ কৰি গান্ধীজীক অসমলৈ আমন্ত্ৰণ জনায় । এই আমন্ত্ৰণ ৰক্ষা কৰি 1921 চনৰ আগষ্ট মাহৰ 18 তাৰিখে ব্ৰহ্মপুত্ৰৰ বুকুয়েদি গুৱাহাটীত উপস্থিত হোৱাৰ সময়তে মহাত্মা গান্ধীক অসমীয়া জনগণে বিপুল আদৰণি জনাইছিল । গান্ধীজীৰ উপস্থিতিয়ে নৱগঠিত কংগ্ৰেছ দলৰ কৰ্ম-কৰ্তাসকলৰ উপৰিও অসমীয়া জনগণক আলোড়িত কৰি তুলিছিল । গুৱাহাটীৰ লগতে বৰাক, তেজপুৰ, ডিব্ৰুগড় আদি স্থান ভ্ৰমণ কৰি বৃটিছৰ বিৰুদ্ধে জনগণক সংগবদ্ধ হৈ আন্দোলনত ভাগ ল'বলৈ আহ্বান জনাইছিল ।

1921 চনত বৃটিছ শাসনৰ বিৰুদ্ধে অসহযোগ চলি থাকোতেই অসমলৈ গান্ধীজীৰ আগমনে অসমীয়া লোকৰ পূৰ্বৰ বৃটিছ বিৰোধী স্থিতি অধিক তীব্ৰতৰ কৰি তোলে । গান্ধীজীৰ প্ৰথম অসম ভ্ৰমণৰ সময়ছোৱাত কলিয়াবৰত পদাৰ্পন কৰি কলিয়াবৰক ধন্য কৰিছিল গান্ধীয়ে । গান্ধীজীয়ে তেজপুৰৰ ভ্ৰমণ সামৰি ডিব্ৰুগড়লৈ বুলি কৰা যাত্ৰা পথত কলিয়াবৰত উপস্থিত হৈছিল । 22 আগষ্ট তাৰিখে তেজপুৰৰ পৰা জাহাজেৰে বৰলুইত পাৰ হৈ পুৱা 9:30 বজাত শিলঘাটত পদাৰ্পন কৰিছিলহি গান্ধীজীয়ে । গান্ধীজীৰ পদস্পৰ্শই শিলঘাট তথা কলিয়াবৰৰ ভূমিখণ্ডক পবিত্ৰ কৰি তুলিছিল । কলিয়াবৰৰ ঠানুৰাম ভূঞা প্ৰমুখ্যে গান্ধীজীৰ বহু অনুগামীয়ে তেওঁক শিলঘাটৰ জাহাজঘাটৰ পৰা আদৰি নিছিলহি । কিন্তু বহুলোকে বৃটিছ চৰকাৰৰ ৰোষৰ ভয়ত গান্ধীজীক দেখা কৰিবলৈ ভয় কৰিছিল । তাৰ মাজতে কলিয়াবৰত এক ব্যতিক্ৰমী ঘটনাৰ সাক্ষী হৈ ৰৈছিল গান্ধী । 1887 চনত বৃটিছে স্থাপন কৰা শিলঘাট ডাক বঙলালৈ জাহাজঘাটৰ পৰা আহিবৰ বাবে গান্ধীজীক তেতিয়াৰ কলিয়াবৰ চাহ বাগিচাৰ মেনেজাৰজনে এখন বাগীৰ যোগান ধৰিছিল যদিও গান্ধীজীয়ে সেই বাগীত নাহি অনুগামীসকলৰ সৈতে খোজকাঢ়িয়ে ডাক বঙলাত উপস্থিত হৈছিল ৷

গান্ধী উপস্থিত হোৱাৰ পাছতে শিলঘাটৰ কলিয়াবৰ চাহ বাগিচাৰ ডাক বঙলাৰ বাকৰি লোকে লোকাৰণ্য হৈ পৰিছিল ৷ সমবেত ৰাইজৰ আগত ভাৰতৰ মুক্তি সংগ্ৰাম আৰু অহসযোগৰ তাৎপৰ্য বাখ্যা কৰিছিল গান্ধীজীয়ে ৷ সেইদিনাই কলিয়াবৰবাসীৰ মন আৰু হৃদয়ত গান্ধীজীয়ে স্বৰাজৰ বীজ ৰোপন কৰিলে । থানুৰাম ভূঞা, বদন চন্দ্ৰ বৰদলৈ, গণেশ চন্দ্ৰ বৰঠাকুৰ দৰে কেইবাগৰাকীও লোকে গান্ধীজীৰ চৰণ চুই আন্দোলন কৰিবলৈ অঙ্গীকাৰ কৰিছিল । দেশ মাতৃৰ মুক্তি সংগ্ৰামৰ ঢলপুৱাতে গান্ধী-সূৰ্যৰ ঊষাৰ কিৰণ লভি ভাৰতৰ একমাত্ৰ স্বৰাজ আন্দোলনৰ অনুষ্ঠান কংগ্ৰেছৰ প্ৰতি পূৰ্ণ সহযোগিতা আৰু বৃটিছ শাসন প্ৰতিহত কৰিবলৈ কলিয়াবৰৰ জনগণই গান্ধীজীক প্ৰতিজ্ঞা কৰে ৷

শিলঘাটৰ পৰা আহি কুঁৱৰীটোলৰ সহস্ৰ জনতাক বৃটিছৰ বিৰুদ্ধে সজাগ কৰিবৰ বাবে আহ্বান জনোৱা স্থানক গান্ধী পথাৰ নামেৰে বৰ্তমানেও জনাজাত ৷ ইয়াৰ কাষতে আছে কলিয়াবৰ মুক্তি যুঁজাৰু ভৱন । গান্ধীজীৰ মৃত্যুৰ পাছত চিতা ভষ্ম শিলঘাটৰ ব্ৰহ্মপুত্ৰ নদীত বিসৰ্জন দিয়াৰ লগতে গান্ধীৰ সোঁৱৰণত নিৰ্মাণ কৰা হৈছিল গান্ধী অস্থি ধাম । গান্ধীজীয়ে 1921, 1926, 1936 আৰু 1946 চনত মুঠ চাৰিবাৰৰ বাবে অসম ভ্ৰমণ কৰিছিল । 1921 চনৰ প্ৰথম ভ্ৰমণৰ সময়ত 22 আগষ্ট তাৰিখে গান্ধীজীৰ পদাৰ্পনৰ সাক্ষী কলিয়াবৰৰ স্মৃতি বিজড়িত স্থানসমূহে আজিও সোঁৱৰাই সেই সোণসেৰীয়া অতীত ।

ABOUT THE AUTHOR

...view details