অন্যায়ৰ বিৰুদ্ধে যুঁজিবলৈ সত্যাগ্ৰহ গান্ধীৰ এই প্ৰক্ৰিয়া অদ্বিতীয় ৷ বাস্তৱৰ মুখামুখী হ’ব পৰাকৈ 50 বছৰীয়া অভিজ্ঞতাৰে তেওঁ এই প্ৰক্ৰিয়াৰে কাম কৰিছিল ৷ যেতিয়া তেওঁ বৃটিছৰ পৰা দেশক মুক্ত কৰিবলৈ সত্যাগ্ৰহ আন্দোলনৰ গুৰি ধৰিছিল তেতিয়াই তেওঁ হৃদয়ংগম কৰিছিল যে দেশখন নিৰ্মাণ কৰিবলৈ গঠনমূলক প্ৰক্ৰিয়াৰ প্ৰয়োজন হ’ব ৷ যিসকলে গান্ধীৰ সত্যাগ্ৰহ অংশগ্ৰহণ তেওঁৰ সৈতে সেৱাগ্ৰাম আৰু সৱৰমতী আশ্ৰমত থাকিব বিচাৰিছিল তেওঁলোকক 11 দফীয়া কঠোৰ নিয়মেৰে প্ৰতিজ্ঞাবদ্ধ কৰা হৈছিল যি পাচলৈ একাদশ ব্ৰত নামেৰে নামাকৰণ কৰা হৈছিল আৰু গান্ধীৰ এই আদৰ্শেৰে আন আন বহুতো আশ্ৰমত ইয়াৰ প্ৰচলন হৈছিল ৷
স্বাধীনতাৰ পূৰ্বে গান্ধীয়ে 20 বছৰৰো অধিক সময় দক্ষিণ আফ্ৰিকাত বাস কৰিছিল ৷ প্ৰথমাৱস্থাত ধন উপাৰ্জনৰ লক্ষ্যৰে তেওঁ দক্ষিণ আফ্ৰিকালৈ গৈছিল ৷ লাহে লাহে প্ৰৱজ্ৰিত ভাৰতীয়ৰ সমস্যা অনুধাৱন কৰি অহিংসাৰে তাৰ সমাধানত ব্ৰতী হ’বলৈ ধৰিলে আৰু ইয়ে পাচলৈ সত্যাগ্ৰহ হিচাপে পৰিগণিত হ’ল ৷ সত্যাগ্ৰহ গান্ধীৰ বাবে কেৱল অহিংসাৰ সংগ্ৰাম নাছিল ই আছিল তেওঁৰ জীৱনৰ দৰ্শন ৷
মহাত্মা গান্ধীয়ে বিশ্বাস কৰিছিল যে, যিয়ে সত্যাগ্ৰহত অংশগ্ৰহণ কৰে তেওঁ কেতিয়াও অন্যায় সহ্য নকৰে ৷ সত্যাগ্ৰহত সহজে হাৰ মনা সকলৰ বাবে কোনো স্থান নাছিল, ইচ্ছাকৃতভাবে যিয়ে এই কঠিন সংগ্ৰামত অংশ ল’ব বিচাৰিছিল তেওঁলোকৰ বাবে খোলা আছিল এই দুৱাৰ ৷ এই যুঁজ অন্যায়ৰ বিৰুদ্ধেহে, অন্যায় কৰা ব্যক্তিৰ বিৰুদ্ধে নহয় ৷ কোনো বিৰোধীক শাস্তি প্ৰদান বা প্ৰতিশোধৰ বাবে সত্যাগ্ৰহ আন্দোলন নাছিল ৷ প্ৰত্যেক সমাজতে ভাল - বেয়া দুয়োটা প্ৰকৃতিৰে মানুহ থাকে, গোটেই সমাজখন কাহানিও একেলগে বেয়া হ'ব নোৱাৰে ৷ ভুক্তভোগীক স্বয়ংক্ৰিয়ভাৱে অন্যায়ৰ প্ৰতিবাদৰ বাবে মাতি অনাটো বিপৰীত পক্ষক হৃদয়ংগম কৰাবলৈ এক কাৰ্যকৰী পদক্ষেপ হ'ব পাৰে ৷
গান্ধীজীয়ে তেওঁৰ জীৱনকালত বহুবাৰ সত্যাগ্ৰহ কৰিছিল ৷ সময় আৰু পৰিস্থিতি অনুযায়ী তেওঁ সত্যাগ্ৰহৰ ৰূপ সলনি কৰিছিল ৷ তেওঁ নিয়মিতভাৱে ইয়াৰ সম্পৰ্কে চিন্তা-চৰ্চা কৰিছিল আৰু নিজৰ বক্তৃতা আৰু লিখনিৰ জৰিয়তে জনগণৰ সম্মুখত তাক বাখ্যা কৰিছিল ৷ তেওঁ নিজকে সত্যাগ্ৰহৰ বিশেষজ্ঞ বুলি দাবী কৰিছিল লগতে সত্যাগ্ৰহৰ ধাৰণাক তেতিয়াই চূড়ান্ত নকৰা বুলিও কৈছিল ৷ জনগণে সততাৰ শক্তি, প্ৰেম, পৱিত্ৰ আত্মাৰ শক্তিক যেতিয়াই জনগণে উপলব্ধি কৰিব তেতিয়াই সত্যাগ্ৰহৰ বহু নতুন ধাৰণাই পাতনি মেলিব বুলি বিশ্বাস কৰিছিল ৷
গান্ধীজীৰ মতে, বিৰোধী পক্ষক সততাৰ ন্যায্য কাৰণ উপলব্ধি কৰাব পৰাটোৱেই সত্যাগ্ৰহৰ শ্ৰেষ্ঠত্ব ৷ সেইবাবেই তেওঁ বিৰোধী আৰু সাধাৰণ মানুহৰ মাজত অন্যায়ৰ সম্পৰ্কে সজাগতাৰ সৃষ্টি কৰিব বিচাৰিছিল ৷ সত্যাগ্ৰহই যিকোনো প্ৰকাৰৰ অন্যায়ৰ সৈতে অসহযোগ কৰিব আৰু ইচ্ছাকৃতভাৱেই তাৰ পৰা পোৱা শাস্তিকো ভোগ কৰিব ৷
গান্ধীজীৰ নেতৃত্বত ভাৰতবৰ্ষই বিভিন্ন প্ৰকাৰৰ সত্যাগ্ৰহ দেখিছে ৷ অসহযোগ আন্দোলন আৰু আইন অমান্য আন্দোলনৰ ভাৰতবৰ্ষত ইচ্ছাকৃতভাৱেই সকলো ধৰণৰ কষ্টৰ মুখামুখি হ'বলৈ অহা লক্ষ লক্ষ জনতাৰ সজাগতা আৰু কৰ্মোদ্যম দেখা পোৱা গৈছিল ৷ প্ৰথম আন্দোলনটোত মধ্যবিত্ত শ্ৰেণীৰ বুজনসংখ্যকে কাৰাবাস খাটিছিল ৷ দ্বিতীয় আন্দোলনটোত হাজাৰ হাজাৰ মহিলাই ব্ৰিটিছৰ বিৰুদ্ধে গাৰ্হস্থ্য এৰি ওলাই আহিছিল ৷ জনগণে সত্যাগ্ৰহক অন্যায়ৰ বিৰুদ্ধে এক কাৰ্যকৰী আহিলা বুলি গণ্য কৰিছিল৷