অসম

assam

ETV Bharat / bharat

আজি দুই অক্টোবৰ: গান্ধী জয়ন্তী উপলক্ষে দেশজুৰি শ্ৰদ্ধাৰ্ঘ জাতিৰ পিতাক - মহাত্মা গান্ধীলৈ শ্ৰদ্ধা নিবেদন

প্ৰতি বছৰে 2 অক্টোবৰ তাৰিখে দেশজুৰি পালন কৰা হয় গান্ধী জয়ন্তী ৷ ভাৰতৰ প্ৰতিখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত একত্ৰিত ভাবে পালন কৰা তিনিটা বিশেষ দিৱসৰ ভিতৰত গান্ধী জয়ন্তী অন্যতম ।

GANDHI JAYANTI
আজি দুই অক্টোবৰ: গান্ধী জয়ন্তী উপলক্ষে দেশজুৰি শ্ৰদ্ধাৰ্ঘ জাতিৰ পিতাক

By

Published : Oct 2, 2020, 9:23 AM IST

নিউজ ডেস্ক, 2 অক্টোবৰ: আজি গান্ধী জয়ন্তী ৷ জাতিৰ পিতা, মহামানৱ মহাত্মা গান্ধীৰ আজি 151 সংখ্যক জন্মবাৰ্ষিকী উপলক্ষে সমগ্ৰ দেশজুৰি উদযাপন কৰা হৈছে এই দিৱস ৷ ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ অন্যতম যুঁজাৰু এই গৰাকী মহামানৱৰ ওপজা দিনটোত ইটিভি ভাৰতৰ তৰফৰ পৰাও জনালো একাজলি শ্ৰদ্ধাঞ্জলি ৷

উল্লেখ্য যে, প্ৰতি বছৰে 2 অক্টোবৰ তাৰিখে মহাত্মা গান্ধীৰ জন্মদিন উপলক্ষে উদযাপন কৰা হয় গান্ধী জয়ন্তী ৷ ভাৰতৰ প্ৰতিখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত একত্ৰিত ভাৱে পালন কৰা তিনিটা দিৱসৰ ভিতৰত গান্ধী জয়ন্তী অন্যতম । আন দুটা দিৱস হৈছে ভাৰতৰ স্বাধীনতা দিৱস (১৫ আগষ্ট) আৰু গণৰাজ্য দিৱস(২৬ জানুৱাৰী)। উল্লেখ্য যে, গান্ধী জয়ন্তীৰ দিনটোত ভাৰত তথা বিশ্বৰ বিভিন্ন প্ৰান্তত থকা গান্ধী স্মৃতিক্ষেত্ৰ সমূহত বিভিন্ন ধৰণৰ অনুষ্ঠানৰ আয়োজন কৰা হয় । লগতে নতুন দিল্লীস্থিত গান্ধীৰ সমাধি ক্ষেত্ৰ ৰাজঘাটত চৰকাৰী ভাৱে পালন কৰা হয় গান্ধী জয়ন্তী । সেই অনুসৰি আজিও ৰাজঘাটত জাতিৰ পিতা হিচাপে মহাত্মা গান্ধীলৈ শ্ৰদ্ধা নিবেদন কৰে দেশৰ প্ৰধান মন্ত্ৰীৰ লগতে আন বহুকেইজন মন্ত্ৰীয়ে ৷

উল্লেখ্য যে, মহাত্মা গান্ধীৰ জন্মদিন উপলক্ষ্যে ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই 2007 চনৰ 15 জুন তাৰিখে 2 অক্টোবৰ দিনটোক আন্তৰ্জাতিক অহিংসা দিৱস হিচাপে ঘোষণা কৰে ৷ 1869 চনৰ 2 অক্টোবৰ তাৰিখে গুজৰাটৰ পোৰবন্দৰত জন্মগ্ৰহণ কৰিছিল মহাত্মা গান্ধী হিচাপে পৰিচিত হৈ পৰা মোহন দাস কৰমচাদ গান্ধীয়ে ৷

লগতে পঢ়কঃগান্ধী জয়ন্তী উপলক্ষে ইটিভি ভাৰত অসমৰ বিশেষ শ্ৰদ্ধাৰ্ঘ্য

ABOUT THE AUTHOR

...view details