প্ৰফেচৰ সমৰ ঢালিৱাল
ভাৰতবৰ্ষত দেশজুৰি স্বাধীনতা আন্দোলনে গা কৰি উঠাৰ আগতেই জনগণৰ মন-মগজুত স্বাধীনতা সম্পৰ্কে ধাৰণা আৰু শিক্ষাৰ প্ৰচলন- অত্যন্ত জৰুৰী আছিল৷
ভাৰতীয় জনগণক ৰাজনৈতিক চিন্তা কৰাৰ বাবে সমল দিবলৈ, ব্ৰিটিছ শাসনৰ বিৰুদ্ধে ভাৰতীয় জনতাক ৰাষ্ট্ৰীয়তাবাদী চিন্তাৰে উদ্বুদ্ধ কৰিবলৈ এক মাধ্যম তথা মঞ্চৰ প্ৰয়োজন হৈছিল ৷ স্বাধীনতা আন্দোলনৰ পৃষ্ঠপোষকসকলৰ বাবে এয়া অতি জৰুৰী বিষয় আছিল ৷
এই কাম সমাধা কৰিবলৈ স্বদেশী প্ৰেছে মূখ্য ভূমিকা পালন কৰে ৷ ৰাষ্ট্ৰীয়তাবাদী জনমতক প্ৰেৰণা দিবলৈ, প্ৰশিক্ষণ দিবলৈ, একগোট কৰিবলৈ স্বদেশী প্ৰেছে অন্যতম ভূমিকা পালন কৰে ৷ এইখিনি সময়তেই বহু প্ৰতিষ্ঠিত আৰু নিৰ্ভীক সাংবাদিকৰ জৰিয়তে শক্তিশালী বাতৰিকাকত প্ৰকাশ পায় ৷ সেই সময়ত ভাৰতবৰ্ষত কাকতত লিখা-মেলা নকৰা বা কাকতৰ মালিকীস্বত্ব নথকা ৰাজনৈতিক নেতা খুব কমেইহে ওলাব ৷ মহাত্মা গান্ধীয়ে দক্ষিণ আফ্ৰিকাত থকাৰ দিনৰ পৰাই সাংবাদিকতা তথা সংবাদ মাধ্যমৰ সৈতে জড়িত হৈ আছিল ৷ 1903 চনত আৰম্ভ হোৱা গান্ধীজীৰ 45 বছৰীয়া এই লিখা-মেলা বা সাংবাদিকতাৰ যাত্ৰাত বহু কাকত-আলোচনীত লেখা-মেলা কৰে ৷ তেওঁৰ লিখা-মেলাৰ মানদণ্ড বা পৰিমাণৰ ওপৰত ভিত্তি কৰি গান্ধীজীক নিঃসন্দেহে এজন উচ্চ মানদণ্ডৰ সংবাদসেৱী বুলি অভিহিত কৰিব পাৰি ৷ এজন নিৰ্ভীক আৰু পৰিপক্ক প্ৰবন্ধকাৰৰ ৰূপত তথা এজন সম্পাদকৰ ৰূপত তেওঁ দক্ষ আছিল ৷ 1903 চনৰ পৰা 1914 লৈকে আৰু 1919 চনৰ পৰা 1948 লৈকে তেওঁ গুজৰাটী, ইংৰাজী আৰু অন্যান্য ভাষাত সাপ্তাহিক কাকত প্ৰকাশ কৰে ৷ ইণ্ডিয়ান অপিনিয়ন কাকতখনে গান্ধীজীৰ সাংবাদিক জীৱনৰ বলিষ্ঠতাৰ দিশক প্ৰতিষ্ঠা কৰে ৷ ইয়াৰ পাচত তেওঁ ইয়ং ইণ্ডিয়া, নৱজীৱন, হৰিজন আদি কাকত প্ৰকাশিত কৰে ৷ ইণ্ডিয়ান অপিনিয়ন গান্ধীজীয়ে 1903 চনত আৰম্ভ কৰিছিল ৷ এই কাকতখনৰ যোগেদি দক্ষিণ আফ্ৰিকাত চলা শ্বেতাংগসকলৰ বৰ্ণবৈষম্যমূলক শাসনৰ বিৰুদ্ধে প্ৰৱাসী ভাৰতীয়সকলক সজাগ কৰিবলৈ চেষ্টা কৰা হৈছিল ৷ ইয়াৰ উপৰিও, গান্ধীজীয়ে আন্দোলনৰ বাবে জনতাৰ মন-মগজুক প্ৰভাৱিত কৰিবলৈ কাকতৰ আৱশ্যকতা আৰু গুৰুত্বক উপলব্ধি কৰিছিল ৷
গান্ধীজীয়ে মৰ্মে মৰ্মে উপলব্ধি কৰিছিল যে কাকতৰ জৰিয়তেহে প্ৰৱাসী ভাৰতীয়সকলক শিক্ষিত আৰু বুজন কৰাটো সম্ভৱ ৷ তেওঁ গম পাইছিল যে কাকতৰ জৰিয়তেহে তেওঁ দক্ষিণ আফ্ৰিকাত কৰি থকা কামবোৰৰ খবৰ দেশবাসীক জনাব পাৰিব ৷ সেইবাবে 34 বছৰীয়া গান্ধীজীয়ে জোহান্সবাৰ্গত মদনজীত আৰু মনসুখলাল হীৰালাল নামৰ দুগৰাকী উদ্যোগী ব্যক্তিৰ সহায়ত 1903 চনৰ 4 জুনত ইণ্ডিয়ান অপিনিয়নৰ প্ৰথম সংখ্যা প্ৰকাশ হয় ৷ মূখ্যতঃ এই কাকতখন ইংৰাজী, গুজৰাটী, হিন্দী আৰু তামিল ভাষাত প্ৰকাশিত হৈছিল ৷ কাকতখনৰ লগত জড়িত তিনিওজনে নিজৰ নিজৰ সুকীয়া দায়িত্ব পালন কৰিছিল ৷ ইণ্ডিয়ান অপিনিয়ন কাকতখন ভাৰতীয় স্থানীয় লোকৰ মাজত আৰু নেটালৰ কৃষ্ণাংগ লোকসকলৰ মাজত জনপ্ৰিয় হৈছিল ৷ কাৰণ এই কাকতৰ প্ৰথম সংখ্যাতেই গান্ধীজীয়ে বৰ্ণবৈষম্য নীতিৰ বিৰুদ্ধে গৰজি উঠিছিল ৷ অৱহেলিত সম্প্ৰদায়বোৰৰ আৰ্থিক দুৰ্দশাৰ কথাও তেওঁ লিখিছিল ৷ সমস্যাবোৰ তেওঁ অনন্য আৰু মৌলিক ৰূপত উপস্থাপন কৰিছিল ৷ গান্ধীজীয়ে সাংবাদিকতা বৃত্তিটোক অতি সন্মানেৰে আঁকোৱালি লৈছিল ৷ সাংবাদিকতাৰ দ্বাৰা প্ৰয়োজনীয় অভিব্যক্তি,শিক্ষা আৰু জাগ্ৰতকৰণ তিনিওটা মহান কামেই গান্ধীজীয়ে সম্ভৱ কৰি তুলিছিল ৷
গান্ধীজীয়ে জনগণৰ দুৰ্দশা,স্থিতি,পৰিস্থিতিক জানিবলৈ অভিব্যক্তিৰ প্ৰয়োজন বুলি উপলব্ধি কৰিছিল ৷ শিক্ষাৰ জৰিয়তে জনগণৰ ৰাজনৈতিক আৰু সামাজিক প্ৰমূল্যবোধক জগাব পাৰি বুলি তেওঁ সিদ্ধান্ত লৈছিল ৷ ইণ্ডিয়ান অপিনিয়নৰ তাৎপৰ্য আকাৰত নাছিল,আছিল ইয়াত সমৃদ্ধ লেখাবোৰত৷ গান্ধীজীয়ে নিজৰ এই কাকতখনত কাহানিও বিজ্ঞাপনৰ স্থান দিয়া নাছিল ৷ নাটালত অন্য কাকতৰো প্ৰকাশ হৈ আছিল যদিও ইণ্ডিয়ান অপিনিয়নে সামাজিক,ৰাজনৈতিক আৰু ঐতিহাসিকভাৱে অধিক গুৰুত্ব কঢ়িয়াইছিল ৷