গান্ধীৰ উত্তৰসূৰীঃ আন্ধাৰৰ মাজতো পোহৰ
অধ্যাপক এ প্ৰসন্ন কুমাৰ
‘মোক যেতিয়া জাতীয় একতাই আবিষ্ট কৰিছিল, তেতিয়া মোৰ বয়স কেৱল বাৰ বছৰ আছিল’- মোহন দাস কৰমচাঁদ গান্ধীয়ে কৈছিল যাৰ ডেকা বয়সৰ সপোনেই আছিল হিন্দু, মুছলিম আৰু পাৰ্চীসকলৰ মাজত বন্ধুত্ব স্থাপন৷ এইয়া কোনো সাধাৰণ সংযোগ নাছিল যে চাৰি বছৰৰ পিছত মুম্বাইত 1886 চনৰ ডিচেম্বৰ মাহত ইংৰাজে গঠন কৰা ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি পদত এজন হিন্দুলোকক অধিষ্ঠিত কৰা হৈছিল৷ পৰৱৰ্তী সময়ত 1886 চনত কলকাতাত এজন পাৰ্চী, 1887 চনত মাদ্ৰাছত এজন মুছলিম আৰু 1888 চনত এলাহাবাদত এজন ইংৰাজক এই পদত অধিষ্ঠিত কৰা হৈছিল৷ পৰৱৰ্তী সময়ছোৱাত এই ৰীতিৰ ধাৰাবাহিকতা, সংস্কৃতিৰ বহুত্ববাদ আৰু একাকীকৰণ হিচাপে চিহ্নিত কৰা হৈছিল৷ ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰতিষ্ঠাতা এলেন অক্টেভিয়ান হিউমে ভাৰতৰ যুৱকসকলক পৰামৰ্শ দিয়ে যে, ‘আত্মত্যাগ আৰু নিঃস্বাৰ্থ স্বাধীনতাই সুখৰ একমাত্ৰ পথ প্ৰদৰ্শক’ আৰু এই চিৰন্তন সত্যক লৈয়ে সকলোৱে আগবাঢ়িব লাগে৷
মোহনদাস, পোৰবন্দৰৰ সেই সৰু ল’ৰাজন যিয়ে ৰাজতোটৰ বিদ্যালয়তে সাংস্কৃতিক বহুবচন আৰু মানৱ চেতনাৰ দৰে মূল্যবোধৰ সঞ্চাৰ কৰিছিল, সেইজনেই ইংলেণ্ডত বেৰিষ্টাৰ পঢ়িবলৈ যোৱাৰ সময়ত স্বচ্ছতা আৰু নিয়মানুৱৰ্তিতা পালন কৰিব বুলি মাকৰ আগত প্ৰতিশ্ৰুতিবদ্ধ হৈছিল৷ গান্ধীজীয়ে জীৱনৰ আৰম্ভণি সময়ছোৱাতে দুটা দশকতকৈও অধিক সময় কটোৱা দক্ষিণ আফ্ৰিকাত অপমান আৰু শাৰিৰীক অত্যাচাৰৰ ধাৰাক ভাঙি, মোহনদাসক বৰ্ণবাদী কৰ্তৃপক্ষৰ বিৰুদ্ধে অহিংসা আন্দোলনৰ ডাউন ট্ৰ’ডেন আৰু চেম্পিয়ন হিচাপে ধৰ্মযুদ্ধলৈ পৰিৱৰ্তন কৰে৷ 1906 চনটো তেখেতৰ জীৱন তথা আধুনিক পৃথিৱীখনৰ বাবে এক পৰিৱৰ্তনৰ সময় আছিল৷ সত্যাগ্ৰহৰ আৰম্ভণি দক্ষিণ আফ্ৰিকাতেই হৈছিল৷ ইয়াৰ শক্তি ইমানেই আছিল যে ৰামচন্দ্ৰ গুহই এখন কান্নাড়া সাপ্তাহিকত উদ্ধৃতি দি কৈছিল- "তৰোৱাল বা বন্দুকৰ ব্যৱহাৰৰ দ্বাৰা নহয়, বৈষম্যৰ পৰাজয়ৰে নিজস্ব পৰিণতি তৈয়াৰ কৰি তেখেতে সমান্তৰালবিহীনভাৱে বীৰত্ব প্ৰদৰ্শন কৰিছিল৷"