অসম

assam

ETV Bharat / bharat

গান্ধীজী,অহিংসা আৰু স্বাধীনতা আন্দোলন ইত্যাদি.. - মহাত্মা গান্ধীয়ে সত্য আৰু অহিংসাক তেখেতৰ অমোঘ অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছিল

স্বাধীনতা আন্দোলনৰ সময়ত মহাত্মা গান্ধীয়ে সত্য আৰু অহিংসাক তেখেতৰ অমোঘ অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছিল ৷ যিয়ে শক্তিশালী ইংৰাজ বাহিনীকো শিৰনত কৰিবলৈ বাধ্য কৰিছিল ৷

গান্ধীজী, অহিংসা আৰু স্বাধীনতা আন্দোলন ইত্যাদি..

By

Published : Sep 12, 2019, 3:00 PM IST

নিউজ ডেস্ক, 12 ছেপ্তেম্বৰঃ প্ৰায় 200 বছৰ বৃটিছৰ উৎপীড়নৰ সন্মুখীন হোৱাৰ পাচত 1947 চনৰ 15 আগষ্টত ভাৰতে স্বাধীনতা অৰ্জন কৰে ৷ দেশ স্বাধীনৰ হকে লক্ষ লক্ষ জনতাই আত্মত্যাগ কৰিছিল ৷ আজি আমি স্বাধীনতা দিৱস উদযাপন কৰিবলৈ সক্ষম হৈছো কেৱল মাত্ৰ সেই সকল মুক্তিযোদ্ধাৰ কাৰণে যি দেশৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰিছে ৷

স্বাধীনতা আন্দোলনৰ সময়ত মহাত্মা গান্ধীয়ে সত্য আৰু অহিংসাক তেখেতৰ অমোঘ অস্ত্ৰহিচাপে ব্যৱহাৰ কৰিছিল ৷ যিয়ে শক্তিশালী ইংৰাজ বাহিনীকো শিৰনত কৰিবলৈ বাধ্য কৰিছিল ৷

গান্ধীজীৰ সত্যাগ্ৰহ আন্দোলনত বাক্সাৰে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল ৷ অহিংসাৰ মূৰ্তি হিচাপে পৰিচিত গান্ধীজীয়ে শ্বাহাবাদত স্বাধীনতা আন্দোলনৰ সূচনা কৰিছিল ৷ এইটো স্পষ্টকৈ ক'ব পাৰি যে,গান্ধীজীৰ বাক্সাৰৰ অধ্যায়ে আন্দোলনৰ শেষ পৰ্যন্ত তেখেতক মহাত্মালৈ ৰূপান্তৰিত কৰিছিল ৷

গান্ধীজী, অহিংসা আৰু স্বাধীনতা আন্দোলন ইত্যাদি..

গান্ধীজীয়ে প্ৰায় পাঁচ বাৰ বাক্সাৰ ভ্ৰমণ কৰিছিল আৰু তেখেতৰ চিন্তাধাৰাই আজিও সেই অঞ্চলৰ লোকসকলক প্ৰভাৱিত কৰি আহিছে ৷ অসহযোগ আন্দোলনৰ সময়ত 1921 চনৰ 11 আগষ্ট আৰু আইন অমান্য আন্দোলনৰ সময়ত 1934 চনৰ 25 এপ্ৰিলত গান্ধীজীয়ে বাক্সাৰ ভ্ৰমণ কৰে ৷ ইয়াৰ পূৰ্বেও 1914,1917 আৰু 1919 চনতো বাপুৱে বাক্সাৰ ভ্ৰমণ কৰিছিল ৷

জাতিৰ পিতা গান্ধীজীয়ে প্ৰথম যেতিয়া বাক্সাৰৰ শ্ৰীচাঁদ মন্দিৰলৈ গৈছিল তাত তেখেতে স্থানীয় আন্দোলনকাৰীসকলৰ সৈতে মিলিত হৈছিল ৷ ইয়াৰ পাচত তেখেতে ঐতিহাসিক ফ'ৰ্ট আৰু বনবিঘা মঠৰ জনসভাত বক্তৃতা ৰাখিছিল ৷ ডাঃ ৰাজেন্দ্ৰ প্ৰসাদ,জৱাহৰলাল নেহৰু আৰু অনুগ্ৰহ নাৰায়ণ সিঙৰ দৰে নেতাৰ এসময়ৰ বিখ্যাত চাঁদ মন্দিৰ বৰ্তমান ধংসস্তূপলৈ পৰিণত হৈছে ৷

1917 চনৰ চাম্পাৰণ আন্দোলনৰ পৰা আৰম্ভ কৰি 1982 চনৰ ভাৰত ত্যাগ আন্দোলন পৰ্যন্ত গান্ধীজীয়ে যেতিয়াই বাক্সাৰ পৰিদৰ্শন কৰিছিল মহিলাসকলক উৎসাহিত হোৱা দেখা গৈছিল ৷ গান্ধীজী আৰু তেখেতৰ ধাৰণা সমূহৰ প্ৰভাৱ এনেকুৱা আছিল যে,স্বাধীনতাৰ বাবে ব্যাকূল মহিলাসকলে নিজৰ গহনা খুলি গান্ধীজীক অৰ্পণ কৰিছিল

স্থানীয় নেতা ৰামশংকৰ তিৱাৰীৰ কাৰ্যৰ দ্বাৰা প্ৰভাৱিত হৈ মহাত্মা গান্ধীয়ে তেখেতৰ ভ্ৰমণ কালত জিলা সদৰৰ পৰা 30 কিলোমিটাৰ দূৰত কোৰাণচৰাইত উপস্থিত হৈছিল ৷ আৰু তাতেই স্থানীয় নেতাসকলৰ লগত আলোচনাত মিলিত হৈছিল ৷

গান্ধীজীৰ শেষ যাত্ৰাই লোকসকলক ইমান প্ৰভাৱিত কৰিছিল যে,তেখেত উভতি অহাৰ পাচতেই স্থানীয় আন্দোলনকাৰী সকলে দুজনকৈ ইংৰাজ বিষয়াক হত্যা কৰিছিল ৷ এই ঘটনাই উমি উমি জ্বলি থকা স্বাধীনতা আন্দোলনৰ জুইকুৰাত যেন ঘিউহে ঢালিছিল ৷ বহু কেইটা দশক পাৰ হোৱা স্বত্বেও মুক্তিযোদ্ধা শ্বহীদসকলৰ পৰিয়ালে আজিও গৰ্ববোধ কৰি আহিছে ৷

ABOUT THE AUTHOR

...view details