নিউজ ডেস্ক, 12 নৱেম্বৰ: অৱশেষত ৰাষ্ট্ৰসংঘৰ আন্ত:ৰাষ্ট্ৰীয় আদালতৰ মজিয়া পালেগৈ ম্যানমাৰৰ ৰহিংগীয়া মুছলমান গণহত্যাৰ ঘটনা ৷ ইছলামিক সহযোগিতা সন্থাৰ হৈ এই গোচৰ ৰুজু কৰিলে আফ্ৰিকীয় ইছলামিক ৰাষ্ট্ৰ গাম্বিয়াই ৷ আন্ত:ৰাষ্ট্ৰীয় আদালতত এই গোচৰ ৰুজু কৰি আদালতত ৰাষ্ট্ৰখনক প্ৰতিনিধিত্ব কৰা অধিবক্তাই জানিবলৈ দিয়ে যে, "আমি এই গোচৰ ৰুজু কৰি মহামান্য আন্ত:ৰাষ্ট্ৰীয় আদালতক অতি শীঘ্ৰে ম্যানমাৰত ৰহিংগীয়া মুছলমানৰ ওপৰত সংঘটিত হৈ থকা অমানৱীয় গনহত্যা ৰোধৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছো৷" ম্যানমাৰৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ পাছত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি গাম্বিয়াৰ ন্যায় মন্ত্ৰী তথা এটৰ্নী জেনেৰেল আবুবাকাৰ মাৰি টাম্বাডোয়ে কয়," ইয়াৰ দ্বাৰা আমি ম্যানমাৰক সকিয়াই দিব বিচাৰিছো যে তেওঁলোকে অতি শীঘ্ৰে ৰহিংগীয়া নিধন যজ্ঞ বন্ধ কৰক লগতে ম্যানমাৰৰ গণহত্যা সন্দৰ্ভত আন্ত:ৰাষ্ট্ৰীয় সম্প্ৰদায়কো নিজৰ স্থিতি স্পষ্ট কৰিব লাগে " ৷
ৰহিংগীয়া গণহত্যা: আন্তৰ্জাতিক আদালতত ম্যানমাৰৰ বিৰুদ্ধে গাম্বিয়াৰ গোচৰ - ৰহিংগীয়া গণহত্যা
ইছলামিক সহযোগিতা সন্থাৰ এই গাম্বিয়াই ৰুজু কৰিলে গোচৰ ৷ অনতিপলমে গণহত্যা বন্ধ কৰাৰ ক্ষেত্ৰত ব্যৱস্থা লবলৈ সৰ্বোচ্চ ন্যায়ালয়ক অনুৰোধ ৷ 2017 চনত ৰহিংগীয়া বিদ্ৰোহীৰ বিৰূদ্ধে কঠোৰ সন্ত্ৰাসবাদ বিৰোধী অভিযান আৰম্ভ কৰিছিল ম্যানমাৰ সেনাই য'ত উত্থাপন হৈছিল ব্যাপক মানৱাধিকাৰ উলংঘনৰ অভিযোগ ৷
![ৰহিংগীয়া গণহত্যা: আন্তৰ্জাতিক আদালতত ম্যানমাৰৰ বিৰুদ্ধে গাম্বিয়াৰ গোচৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-5035433-thumbnail-3x2-jshsd.jpg)
উল্লেখযোগ্য যে, 2017 চনত ম্যানমাৰ সেনাই ৰহিংগীয়া বিদ্ৰোহীৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছিল য'ত ম্যানমাৰ সেনাৰ হাতত প্ৰাণ হেৰুৱাইছিল বিদ্ৰোহীৰ লগতে কেইবালক্ষাধিক ৰহিংগীয়া মুছলমানে ৷ যাৰ ফলত, চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশলৈ একেলগে প্ৰব্ৰজন কৰিছিল প্ৰায় 7 লক্ষাধিক লোকে ৷ তাৰোপৰি, ম্যানমাৰৰ খিলঞ্জীয়া এইসকল লোকৰ ওপৰত সংঘটিত হৈছিল গণ-ধৰ্ষণ, হত্যাৰ দৰে জঘন্য ঘটনা লগতে ঘৰৰ সৈতে জ্বলাই দিয়া হৈছিল বহুতো ৰহিংগীয়া লোকক ৷ ইফালে, যোৱা মাহত ম্যানমাৰ ভ্ৰমণলৈ যোৱা ৰাষ্ট্ৰসংঘৰ তথ্য বিচাৰ অভিযানকাৰী দলে নিজৰ ৰিৰ্পটত ম্যানমাৰত আকৌ ৰহিংগীয়াৰ ওপৰত গণহত্যা সংঘটিত হ'ব পাৰে বুলি সকিয়নী প্ৰদান কৰিছে ৷
আৰু পঢ়ক: ইউৰোপীয় সংঘৰ পৰা বাহিৰ হোৱা নিৰ্বাচনমুখী ব্ৰিটেইনত জনসাধাৰণে ল'ব সিদ্ধান্ত