নিউজ ডেস্ক, 23 জুন : ভাৰতীয় স্থলসেনা আৰু পিপুলছ লিবাৰেশ্বন আৰ্মীৰ সংঘৰ্ষৰ মাজতেই ভাৰত চৰকাৰে ভাৰত-চীন সীমান্তত চলি থকা পথ-প্ৰকল্পৰ কামসমূহ পুনৰীক্ষণ কৰিছে ৷ চৰকাৰী সূত্ৰই প্ৰকাশ কৰা অনুসৰি, চৰকাৰে এনেকুৱা 32টা পথ-প্ৰকল্পৰ কাম সম্প্ৰসাৰণ কৰিবলৈ আগবাঢ়িছে বুলি জানিব পৰা গৈছে ৷ কেন্দ্ৰীয় গৃহমন্ত্ৰালয়, কেন্দ্ৰীয় গড়কাপ্তানি বিভাগ, সীমান্ত পথ সংস্থা আৰু ভাৰত-তিব্বত সীমান্ত আৰক্ষী বাহিনীৰ মাজত হোৱা এক উচ্চস্তৰীয় আলোচনাত এই সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷
লগতে পঢ়কঃভাৰত-চীনৰ প্ৰকৃত নিয়ন্ত্ৰণৰেখা: জেনেৰেল ডি এছ হোদা(অৱসৰপ্ৰাপ্ত)
চীনৰ সীমান্তৰ সৈতে থকা 32টা পথ প্ৰকল্পৰ কাম সংশ্লিষ্ট কৰ্তৃপক্ষৰ সৈতে হোৱা আলোচনাৰ অন্তত এইদৰে ক্ষীপ্ৰতাৰে সম্পন্ন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷ ভাৰত-চীন সীমান্তত সৰ্বমুঠ 73টা পথৰ নিৰ্মাণকাৰ্য চলি আছে ৷ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ প্ৰত্যক্ষ নিৰীক্ষণত ইয়াৰ ভিতৰত কেন্দ্ৰীয় গড়কাপ্তানি বিভাগে 12টা আৰু সীমান্ত পথ সংস্থাই 61টা পথৰ কাম কৰি আছে ৷ উল্লেখ্য যে, ভাৰতৰ সীমান্তৱৰ্তী অঞ্চলত হোৱা সকলো আন্তঃগাঁথনিগত নিৰ্মাণকাৰ্যৰ বাবে মুখ্য তদাৰকী বিভাগ হৈছে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয় ৷
লাডাখত ভাৰতীয় স্থলসেনা আৰু পিপুলছ লিবাৰেশ্বন আৰ্মীৰ মাজত শেহতীয়াকৈ হোৱা সংঘৰ্ষৰ পিচতেই এই সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷ লাডাখত সীমান্ত পথ সংস্থাই তিনিটা অতিকে গুৰুত্বপূৰ্ণ পথৰ নিৰ্মাণকাৰ্য চলাই আছে ৷ পথৰ উপৰিও সীমান্তৱৰ্তী অঞ্চলত শক্তি, স্বাস্থ্য, টেলিকম আৰু শিক্ষাৰ দৰে আন্তঃগাঁথনিগত প্ৰকল্পটো অধিক গুৰুত্ব প্ৰদান কৰা হৈছে ৷