নিউজ ডেস্ক, ১৮ জুন :১৬ জুনৰ দিনা লাডাখ অঞ্চলৰ গালৱান সীমান্তত প্ৰকৃততে কি হৈছিল বৰ্তমানলৈ সেয়া সম্পূৰ্ণ জ্ঞাত নহয় । কিয়নো সেই সম্পৰ্কত বহুতো প্ৰশ্ন বৰ্তমানেও উখাপন হৈ আছে । যাৰবাবে সীমান্ত অঞ্চলত এতিয়াও চীন আৰু ভাৰতৰ মাজত কি চলি আছে সেয়া জানিব পৰা হোৱা নাই ।
১৫ জুনৰ নিশা কৰ্নেল সন্তোষ বাবুৰ নেতৃত্বত ভাৰতীয় সেনাৰ দল এটাই গালৱান সীমান্তত চীনে স্থাপন কৰা চাউনী আৰু দখল কৰা সন্দৰ্ভত তহল দিবলৈ ৰাওনা হয় আৰু তেতিয়াই চীনা সৈন্যৰ লগত ভাৰতীয় সেনাৰ সংঘৰ্ষ সংঘটিত হয় আৰু উক্ত সংঘৰ্ষত ভাৰতীয় সেনাৰ এজন কৰ্নেল সহ ২০ গৰাকী জোৱান শ্বহীদ হয় । যাৰবাবে দুয়োখন দেশে সীমান্ত অঞ্চলত শান্তি স্থাপনৰ বাবে বৈঠকত মিলিত হয় ।