অসম

assam

গলৱানত ভাৰত-চীনৰ সংঘৰ্ষঃ উত্তৰাখণ্ড চীন সীমান্তত তৎপৰতা সেনাৰ

By

Published : Jun 17, 2020, 1:07 PM IST

গলৱান উপত্যকাত চীন আৰু ভাৰতীয় সেনাৰ মাজত মুখামুখি সংঘৰ্ষৰ পাচতেই উত্তৰাখণ্ডৰ চমোলিৰ চীন সীমান্তত ভাৰতীয় সেনাৰ সতৰ্কতা । বিগত কিছু দিন ধৰি চীন সীমান্তৰ অঞ্চলৰ দিশে আগবঢ়া দেখা পোৱা গৈছে ভাৰতীয় সেনা বাহিনীক । সূত্ৰ মতে, সীমান্তৱৰ্তী অঞ্চলত সেনাৰ মোতায়েন বৃদ্ধি কৰা হ'ব ।

Galwan face-off: Army steps up vigil along China border in Uttarakhand
Galwan face-off: Army steps up vigil along China border in Uttarakhand

উত্তৰাখণ্ড, 17 জুনঃ ভাৰতীয় সেনা চাউনীত বাঢ়িছে তৎপৰতা । গলৱান উপত্য়কাত ভাৰত-চীন সেনাৰ মাজত মুখামুখি সংঘৰ্ষৰ পাচতেই উত্তৰাখণ্ডৰ চামোলি জিলাৰ চীনা সীমান্তত সতৰ্কতা তথা নিৰীক্ষণ বৃদ্ধি কৰিছে ভাৰতীয় সেনাবাহিনীয়ে । লাডাখৰ গালৱান উপত্যকাত হোৱা সংঘৰ্ষত ইতিমধ্যে ভাৰতীয় সেনাৰ 20 গৰাকী সেনা শ্বহীদ হোৱা জানিবলৈ দিছে সেনাই ।

সূত্ৰ অনুসৰি বিগত কিছু দিনৰ পৰাই ভাৰতীয় সেনা বাহিনীৰ বিভিন্ন দল চামোলি জিলাৰ চীন সীমান্তৰ দিশে অগ্ৰসৰ হোৱা বুলি জানিবলৈ দিয়ে ।

আনহাতে সেনাৰ সূত্ৰৰ মতে, এই সংঘৰ্ষৰ পাচতেই সীমান্তত সেনাৰ মোতায়েন অধিক কৰা হ'ব । লগতে সেনাই অনুশীলনো কৰিব বুলি জানিব পৰা গৈছে ।

উত্তৰাখণ্ড চীন সীমান্তত সতৰ্কতা সেনাৰ

জানিব পৰা মতে, চামোলি জিলা প্ৰশাসনে আনলক্ 1.0 ৰ অধীনত সীমান্তৱৰ্তী অঞ্চলৰ পশু ৰখিয়া সকলক অনুমতি দিয়াৰ পাচৰে পৰা এই অঞ্চলত সেনাৰ গতিবিধি বৃদ্ধি হোৱা দেখা পোৱা গৈছে । জ্যোশিমঠৰ এছডিএম অনিল চন্য়ালৰ মতে, প্ৰায় ৮৪ গৰাকী পশু ৰখিয়াক তেওঁলোকৰ পশুধনক চৰাবলৈ বাৰাহটি, ৰিমখিম আৰু মানা অঞ্চলত অনুমতি প্ৰদান কৰা হৈছিল ।

উল্লেখ্য যে, উত্তৰাখণ্ডৰ সৈতে ভাৰত আৰু চীনৰ মাজত 345 কিল'মিটাৰ সীমা লগ-লাগি আছে । পূৰ্বতেও বহুবাৰ চীনা সেনাই অগ্ৰাসনৰ চেষ্টা চলাইছে এই অঞ্চলত । সেয়েহে এতিয়া ভাৰতীয় সেনা আৰু আইটিবিপি সেনাই সীমান্তত অবিৰাম নিৰীক্ষণ অব্যাহত ৰাখিছে । বাৰাহোটি, মানা পাছ, নিটি, আৰু মালাৰি জিলাত মোতায়েন কৰা হৈছে আইটিবিপি সেনা লগতে নিয়মিত ভাৱে তহল দিয়া হৈছে এই অঞ্চল সমূহত ।

বাৰাহোটি অঞ্চলত পূৰ্বতেও দেখা পোৱা গৈছে চীনা সৈন্যৰ কোচ-কাৱাজঃ

2014- চীনা হেলিকপ্টাৰ প্ৰত্যক্ষ কৰা হৈছিল ৰিমখিম দাঁতি কাষৰীয়া অঞ্চলত

2015- চীনা সৈন্যই ভাৰতীয় সীমান্তত প্ৰৱেশ কৰি ভাৰতীয় ৰখিয়া সকলক নিৰ্যাতন কৰিছিল

2016- চীনা সৈন্যৰ দল চামোলী জিলা প্ৰশাসনে প্ৰত্যক্ষ কৰিছিল

2017- জুন মাহত দুখন চীনা হেলিকপ্টাৰ প্ৰত্যক্ষ কৰা হৈছিল বাৰাহোটি অঞ্চলৰ কাষত

2017- প্ৰায় 200 চীনা সৈনিক ভাৰতীয় সীমান্তৰ 1 কিলোমিটাৰ ভিতৰলৈ প্ৰৱেশ কৰিছিল জুলাই মাহত

2018- মাৰ্চ মাহত চীনা বিমান 4 কিলোমিটাৰ ভাৰতীয় আকাশ সীমাত প্ৰৱেশ কৰিছিল

2018- চীনা সৈন্যই জুলাই মাহত প্ৰৱেশ কৰিছিল ভাৰত সীমান্তত

ABOUT THE AUTHOR

...view details