অসম

assam

By

Published : Oct 27, 2020, 1:22 PM IST

ETV Bharat / bharat

NHAI ৰ কামক লৈ অসন্তুষ্ট নীতিন গাডকাৰী

মন্ত্ৰী নীতিন গাডকাৰীয়ে বহু কেইটা প্ৰকল্পৰ কামত বিলম্ব কৰাৰ বাবে ভাৰতৰ ৰাষ্ট্ৰীয় ঘাইপথ সংস্থাৰ বিৰুদ্ধে অসন্তুষ্টি ব্যক্ত কৰে ৷

NHAI ৰ কামক লৈ অসন্তুষ্ট নীতিন গাডকাৰী
NHAI ৰ কামক লৈ অসন্তুষ্ট নীতিন গাডকাৰী

নেশ্যনেল ডেস্ক, 27 অক্টোবৰ:কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে ভাৰতৰ ৰাষ্ট্ৰীয় ঘাইপথ সংস্থাৰ বিৰুদ্ধে অসন্তুষ্টি ব্যক্ত কৰে ৷ বহু কেইটা প্ৰকল্পৰ কামত বিলম্ব কৰাৰ বাবে মন্ত্ৰী গৰাকীয়ে সংস্থাটোক বিষয়ে অসন্তুষ্টি প্ৰকাশ কৰে ৷

তেওঁ এই বিষয়ত আশ্বৰ্য প্ৰকাশ কৰে যে, দ্বাৰকাত NHAI অট্টালিকা নিৰ্মাণৰ কামত 9 বছৰ লগায় ৷ তেওঁ কয় এনে বিলম্বতাৰ ক্ষেত্ৰত জড়িত বিষয়া সকলৰ প্ৰতিচ্ছবি অট্টালিকাটোত প্ৰদৰ্শন কৰিব লাগে "যাতে ৰাইজে সেই মহান লোক সকলৰ বিষয়ে জানিব পাৰে, যিসকলে এটা অট্টালিকা নিৰ্মাণৰ কামত 9 বছৰ অতিক্ৰম কৰে ৷"

ইয়াৰোপৰি গাডকাৰীয়ে কয়, অট্টালিকাটো নিৰ্মাণৰ ক্ষেত্ৰত বিলম্ব হোৱাক লৈ এখন গৱেষণা পত্ৰ প্ৰকাশ পাব লাগে ৷

লগতে পঢ়ক:মতবিৰোধক ইচ্ছাকৃতভাৱে সন্ত্ৰাসবাদ হিচাপে দমন কৰা হৈছে : ছোনিয়া

ABOUT THE AUTHOR

...view details